ৰাজ্যত পুনৰ হত্যাকাণ্ড। স্বামীৰ আক্ৰমণত পত্নীৰ মৃত্যু ।কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অধীনস্ত ফুলকুমাৰী গাঁৱত নিশা এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হয়। স্বামীয়ে নিজ হাতেৰে হত্যা কৰিলে পত্নীক । এই ঘটনা গোসাঁইগাঁৱৰ সাপকাটা আৰক্ষী চকীৰ অসম বংগ সীমান্তৱৰ্তী ফুলকুমাৰী গাঁৱত । পাৰিবাৰিক কন্দলৰ বাবে এই হত্যা কাণ্ড বুলি সন্দেহ কৰিছে অঞ্চলটোৰ ৰাইজে ।স্বামী জমেশ হেমব্ৰমৰ আক্ৰমণত পত্নী জুমিলা টুডুৰ মৃত্যু হয়। হত্যাকাৰী স্বামী আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে, পত্নীয়ে নিশা ভাত বনোৱা বাদ দি চুবুৰীত মদ সেৱন কৰিবলৈ যায়। তাৰ পৰা ঘূৰি অহাৰ পাছত কিয় মদ খাবলৈ যাব লাগে তাকে কৈ উত্তম মাধ্যম দিয়ে। এইখিনি ঠিকে আছিল। স্বামী – স্ত্ৰী বিছনাত শুই পৰে। মাজনিশা জমেশ বিছনাৰ পৰা উঠি কাজিয়াৰ সৃষ্টি কৰে আৰু সুবিধা বুজি আক্ৰমণ কৰে । খঙত ঘৰৰ ভিতৰতে পত্নীক হত্যা কৰে স্বামীয়ে।তিনি সন্তানৰ মাতৃ জুমিলাৰ কৰুণ মৃত্যুই উক্ত সীমান্ত অঞ্চলটোত চাঞ্চলয়ৰ সৃষ্টি কৰিছে।বৰ্তমান হত্যাকাৰী স্বামী জমেশক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।ঘটনাস্থলীত ঐআৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ কোকৰাঝাৰ লৈ প্ৰেৰণ কৰি হত্যাৰ তদন্ত অব্যাহত ৰাখিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…