সমাগত দেশৰ ৫ৰাজ্যৰ বিধানসভা নিৰ্বাচন। এই ৰাজ্যকেইখনৰ ভিতৰত সবাতোকৈ আকৰ্ষণীয় যুঁজ হবলগীয়া এখন ৰাজ্য হৈছে পঞ্জাৱ। কংগ্ৰেছৰ ভাল স্থিতি থকা এই ৰাজ্যখনত এইবাৰ শাসনৰ বাঘজৰী কোনে লাভ কৰিব তাক লৈ তীব্ৰ চৰ্চা হৈছে। কেইবাটাও সমীক্ষাত প্ৰকাশ পাইছে যে, এইবাৰ ৰাজ্যখনত আম আদমী পাৰ্টিয়ে ভাল ফলাফল দেখুৱাব।
সেয়া যি কি নহলেও, বৰ্তমান শাসনত থকা কংগ্ৰেছ দলে দেওবাৰে ঘোষণা কৰিব আগন্তুক নিৰ্বাচনত তেওঁলোকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হব! বৰ্তমানৰ মুখ্যমন্ত্ৰী চৰণজিত সিং চানী আৰু নৱজ্যোত সিং সিদ্ধুৰ ভিতৰৰে যিকোনো এজনৰ নাম মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে হাইকামাণ্ডে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
উল্লেখ্য যে, দলৰ ভিতৰতে হোৱা বিসম্বাদৰ বাবেই কিছুদিনৰ পূৰ্বে দল এৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে। নৱজ্যোত সিং সিদ্ধুৰ সৈতে প্ৰত্যক্ষ সংঘাততো লিপ্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। এইবাৰ অৱশ্যে কংগ্ৰেছ হাইকামাণ্ডে কাৰ ওপৰত ভৰষা ৰাখে সেয়া হব লক্ষ্যণীয়। উল্লেখ্য যে, মুখ্যমন্ত্ৰীত্বৰ দাবীদাৰ হৈও কেইবাবাৰো বিমুখ হবলগীয়া হোৱা নৱজ্যোত সিং সিদ্ধুৰ নাম হাইকামাণ্ডে এইবাৰ বিবেচনা কৰাৰ স্থল আছে।

