অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ছ’চিয়েল মিডিয়া আৰু তথ্য-প্ৰযুক্তি বিভাগৰ অধ্যক্ষ হিচাপে ,নিযুক্তি ৰাতুল কলিতা…

আজি গুৱাহাটী ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি শ্ৰীভূপেন কুমাৰ বৰাই প্ৰদেশ কংগ্রেছৰ দলৰ ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ হিচাপে ৰাতুল কলিতাক নিযুক্তি পত্ৰ অৰ্পণ কৰে। শ্ৰীকলিতা ঐতিহ্যমণ্ডিত নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ২০০৩-০৪ বৰ্ষৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল।

২০০৩ চনত ভাৰতীয় জাতীয় কংগ্রেছ দলত যোগদান কৰি একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰা ৰাতুল কলিতাই মণ্ডল যুৱ কংগ্রেছ, ব্লক যুৱ কংগ্রেছ, মঙলদৈ লোকসভা যুৱ কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক, লগতে নলবাৰী জিলা কংগ্রেছ কমিটীৰ সম্পাদক আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন পদবীত নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰে।

বৰ্তমান অসম প্ৰদেশ কংগ্রেছ কমিটিৰ মুখপাত্ৰ হিচাপেও শ্ৰীকলিতাই দায়িত্ব পালন কৰি আছে। কলিতাই ছ’চিয়েল মিডিয়া আৰু তথ্য-প্ৰযুক্তি বিভাগটোক এক নতুন গতি দিব বুলি কংগ্ৰেছ মহলত আশাৰ সঞ্চাৰ হৈছে।

Related Articles