Breaking

পিতৃহীনা একমাত্ৰ কন্যা জটিল ৰোগত আক্ৰান্ত….

0 69

বাক্সাত এটি দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনী পিতৃহীনা একমাত্ৰ কন্যা জটিল ৰোগত আক্ৰান্ত চিকিৎসাৰ অভাৱত ঘৰতে মৃত্যুৰ ক্ষণ গনিছে সৰস্বতী ৰয় নামৰ এগৰাকী মেধাৱী ছাত্ৰী ।

বাক্সাৰ এটি দৰিদ্ৰ পৰিয়ালৰ কৰুন কাহিনীয়ে হৃদয় স্পৰ্ষ কৰিব আপোনাৰ ৷বিগত দুই – তিনিমাহ ধৰি বুকু আৰু পিঠিত বিষৰ যন্ত্ৰনা লৈ বিচনাত চটফটাই আছে নৱম শ্ৰেনীৰ এগৰাকী ছাত্ৰীয়ে ৷


বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ পিতৃহীনা সৰস্বতী ৰয় নামৰ এগৰাকী ছাত্ৰীয়ে তিনিমাহমান পূৰ্বে এক দুৰ্ঘটনাত পতিত হৈছিল ৷ লাহে লহে ছাত্ৰী সৰস্বতীৰ আৰম্ভ হল বুকু আৰু পিঠিৰ বিষ ৷ ওচৰৰ মুছলপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰি বিষৰ উপসম নেপোৱাত সৰস্বতীক লৈ যায় বজালীৰ চিকিৎসালয়লৈ ৷তাতো বিভিন্ন ধৰনৰ পৰীক্ষা – নিৰিক্ষা কৰি চিকিৎসকে দৰৱ দিয়ে যদিও আজিলৈ নাপালে বিষ যন্ত্ৰনাৰ উপসম ৷ এতিয়া আনৰ সহায় নহলে বিচনাৰ পৰা উঠিব নোৱাৰে ছাত্ৰী গৰাকীয়ে ৷ বিদ্যালয়লৈ যাব পৰা নাই তেওঁ ৷


ইফালে পিতৃহীনা সৰস্বতীক বিধৱা মাতৃয়ে ভিক্ষা বৃত্তিৰে পোহ পাল দিছে যদিও ৰোগাগ্ৰস্ত কণ্যাক এৰি ভিক্ষা কৰিব যাব পৰা নাই মাতৃয়ে ৷ চৰকাৰী অভিলাসী আচনীয়ে ঢুকি নোপোৱা মাতৃ – কন্যা বাস কৰে এটি জৰাজীৰ্ন প্লাষ্টিকৰ চালি ঘৰত ৷বৰষুণ আহিলেই শুৱ নোৱাৰে মাতৃ – কন্যা ৷ অনাময় আঁচনিৰ পৰা বঞ্চিত পৰিয়ালটোৰ একমাত্ৰ ৰুগীয়া কন্যা লৈ মাতৃ হৈ পৰিছে দিশহাৰা ৷ উন্নত চিকিৎসাৰ কাৰনে নিব পৰা নাই একমাত্ৰ কন্যাক ৷

আঠিয়াবাৰী উচ্চমাধ্যমিক বালিকা বিদ্যালয়ৰ মেধাৱী ছাত্ৰী গৰাকীৰ অৱস্থা দেখি কেমেৰাৰ সন্মুখতে হুক -হুকাই কান্দি দিলে শিক্ষকে ৷ অন্ন সুৰক্ষা যোগনাৰ পৰা বঞ্চিত পৰিয়ালটোত এতিয়া এমুঠি অন্নৰ কাৰনে হৈছে হাহাঁকাৰ ৷সকলো দিশৰ পৰা পিচপৰা পৰিয়ালটোৰ একমাত্ৰ কন্যা সৰস্বতীক সুস্থ্য কৰি দিবলৈ অসমৰ মুখ্যমন্ত্ৰীলৈ বিধৱা মাতৃৰ লগতে শিক্ষক সমাজৰো কাতৰ আহ্বান ৷

Leave A Reply