নগাঁও : কৰ’না মহামাৰীৰ ভয়াবহতাৰ মাজতে নগাঁও সদৰ সমষ্টিত চৰকাৰৰ উন্নয়ন মূলক আচঁনিৰ কামকাজ অব্যাহত আছে । নগাঁও চহৰত ৰূপায়িত কেতবোৰ উন্নয়ন মূলক আচঁনিৰ লগতে শেহতীয়াকৈ হয়বৰগাঁও স্হিত মাছৰ খুচুৰা বজাৰখন স্বাস্হ্য সন্মত ভাবে পুনৰ নিৰ্মাণ কৰি উলিওৱা হৈছে।আজি এই মাছৰ বজাৰখনৰ আনুষ্ঠানিক ভাবে মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । উল্লেখ্য যে দীৰ্ঘদিন ধৰি এই বজাৰখনৰ অস্বাস্হ্যকৰ পৰিবেশৰ লগতে বজাৰগৃহটোৰ ওপৰৰ চালিৰ জৰাৰ্জীন অৱস্থাৰ বাবেই এজাক বৰষুণ আহিলেই বিক্ৰেতা সকলৰ লগতে ক্ৰেতা সকলে বজাৰখনত থাকিব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছিল। ফলস্বৰূপে স্হানীয় ৰাইজে বজাৰখনত সমগ্ৰী ক্ৰয় কৰিব যাবলৈও কুন্ঠাবোধ কৰিছিল।আজি মাছৰ খুচুৰা বজাৰখন আনুষ্ঠানিক ভাবে মুকলি কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে বিক্ৰেতা সকলৰ লগতে স্হানীয় ৰাইজে বজাৰখন পৰিস্কাৰ, স্বাস্থ্য সন্মত আৰু উন্নত কৰি তুলিবলৈ আহ্বান জনাই আহিছিল। ৰাইজৰ সুবিধা আৰু আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি মাছৰ খুচুৰা বজাৰখনৰ পুনৰ নিৰ্মাণ কৰি উলিওৱা হৈছে।সুন্দৰভাৱে নিৰ্মাণ কাৰ্য সমাপ্ত হৈ উঠা বজাৰখনৰ জৰিয়তে নগঞা ৰাইজ উপকৃত হব বুলি আমি আশা কৰিছো।আজি বজাৰ মুকলি অনুষ্ঠানত বিধায়ক গৰাকীৰ লগতে প্ৰাক্তন পৌৰপতি দিগন্ত দাস প্ৰমুখ্যে পৌৰসভাৰ বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে।স্মৰ্তব্য যে কিছুদিন পূর্বে নগাঁও চহৰৰ বৰবজাৰ স্হিত মূল মাছৰ বজাৰখনো স্বাস্থ্য সন্মত ভাবে পুনৰ নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়ে বিধায়ক ৰূপক শৰ্মাই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…