জামুগুৰিহাট : কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণে ৰাইজক শংকিত কৰি ৰখাৰ সময়তে ৰাজ্যখনৰ চুকে কোণে একাংশ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীয়ে পুনৰাই দৌৰাত্ম্য অব্যাহত ৰখাৰ খবৰ পোৱা গৈছে৷ এইক্ষেত্ৰত ব্যতিক্ৰম নহয় শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ একাংশ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীও৷ জানিব পৰা মতে একাংশ মাইক্ৰ’ফাইনেঞ্চৰ প্ৰতিনিধিয়ে আৰ্থিকভাৱে জুৰুলা একাংশ ঋণগ্ৰস্তক ঋণৰ মাহিলি কিস্তি পৰিশোধ কৰিবলৈ ব্যাপক তাগিদা দিয়া বুলি অভিযোগ উঠিছে৷ কেন্দ্ৰীয় চৰকাৰৰ বিধি বিধান মানি যি সময়ত জনগণ গৃহবন্দী হ’বলগীয়া হৈছে, ব্যৱসায় বাণিজ্য বন্ধ হোৱাৰ ফলত অধিকাংশ লোকে আজিও আৰ্থিক স্বচ্ছলতা ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই। আনকি ভাৰতীয় ৰিজাৰ্ভ বেংকেও মাৰ্চ মাহৰ পৰা আগষ্ট মাহ পৰ্যন্ত ৬ মাহৰ বাবে ঋণৰ মাহিলী কিস্তি পৰিশোধ কৰাৰ পৰা ঋণ লোৱা সকলক ৰেহাই দি সাময়িক সকাহ প্ৰদান কৰিছে। তেনে সময়তে জামুগুৰিহাটৰ কেবাটাও বিত্তীয় প্ৰতিষ্ঠানে ঋণ গ্ৰহণ কৰা ব্যক্তিক ঋণ আদায়ৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উল্থাপন কৰিছে একাংশ লোকে৷ আনকি ঋণগ্ৰস্তক কটু কথা শুনাই মানসিকভাৱে কষ্ট দিয়াৰ অভিযোগো উত্থাপন হৈছে৷ মন কৰিবলগীয়া যে ভাৰতীয় ৰিজাৰ্ভ বেংকে কৰ’না কেন্দ্ৰীক লকডাউনৰ সময়চোৱাত সমস্যাজৰ্জৰ জনগণক বেংক, বিত্তীয় প্ৰতিষ্ঠান আদিৰ মাহিলী কিস্তি সমুহ ৬ মাহৰ বাবে পিছুৱাই দিয়াৰ ঘোষণা কৰিছিল আৰু জনগণেও কিছু সকাহ লাভ কৰিছিল যদিও জামুগুৰিহাটৰ একাংশ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বাবেই ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা সম্প্ৰতি ধোৱাচাঙত উঠা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবেই ঋনীৰ গৃহৰ আচবাব লৈ অহা, ঋণীক আইন আদালতৰ ভয় দেখুওৱা আদি অনেক মানসিক নিৰ্যাতনৰ বলি কৰাৰ বাবেই বিগত সময়ত ঋণীয়েও ঘৰ এৰি পলায়ন কৰা, আত্মহননৰ পথ বাচি লোৱাকে ধৰি সংঘটিত বহু ঘটনাৰাজীৰ বাবেই মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠিছিল আৰু পৰিণতিত আৰবিআইয়ে এলানি কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল৷ কিন্তু ইমানৰ পিছতো গা নলৰা একাংশ মাইক্ৰ’ফাইনেঞ্চৰ প্ৰতিনিধিয়ে সম্পূৰ্ণ মইমতালিৰে ঋনীক ঋণ পৰিশোধ কৰিবৰ বাবে ব্যাপক তাগিদা দিয়া খবৰে প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে জামুগুৰিহাটত৷ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমুহৰ একাংশ প্ৰতিনিধিয়ে সঘনাই মেল মিটিং অনুষ্ঠিত কৰি সামাজিক দূৰত্বৰ চৰকাৰী নিয়মকো অংগুষ্ঠ প্ৰদৰ্শন কৰা বুলিও গুৰুতৰ অভিযোগ উল্থাপন কৰে ৰাইজে৷ শীঘ্ৰে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমুহৰ এনে মইমতালি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনাইছে জনসাধাৰণে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ‘দবা খেলৰ অভিজ্ঞ খেলুৱৈ ৰাহুল গান্ধী’: বিজেপিৰ কটাক্ষৰ প্ৰত্যুত্তৰ দিলে কংগ্ৰেছে…
- স্মৃতি ইৰাণীৰ বিৰুদ্ধে আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কে এল শৰ্মা কোন…
- কোভিশ্বিল্ডৰ বাবেই মৃত্যু ঘটিছে আমাৰ কন্যাৰ, বিস্ফোৰক অভিযোগ কৰি এষ্ট্ৰাজেনেকাৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ পিতৃ…
- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগত কংগ্ৰেছ নেতা অৰুণ ৰেড্ডীক গ্ৰেপ্তাৰ…
- গান্ধী পৰিয়ালৰ পৰা মুক্ত হ’ল আমেথিঃ ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে…
- সামান্য সকাহঃ নিৰ্বাচনৰ মাজতে ৭ মে’ত কেজৰিৱালৰ অন্তৰ্ৱতীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে…
- সফলতাৰে পাঁচদিনীয়া আৱাসিক ‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’ৰ সামৰণি…
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা