Breaking

ধেমাজি তেলিজান স্থিত হোটেল মুং চাংত ভাৰতীয় সাংবাদিক সন্থাৰ ধেমাজি জিলা সমিতি গঠন কাৰ্যসূচী সম্পন্ন

0 1,678

আজি ধেমাজি তেলিজান স্থিত হোটেল মুং চাংত অসমৰ প্ৰতিজন সাংবাদিকৰ সুৰক্ষা, নিৰাপত্তা আৰু ভৱিষ্যতৰ অতন্দ্ৰ প্ৰহৰী হৈ কাম কৰি অহা ভাৰতীয় সাংবাদিক সন্থা অৰ্থাৎ Association of Indian Journalist ৰ ধেমাজি জিলা সমিতিখনি পুনাংগৰূপে গঠন কৰা হয়। জেষ্ঠ্য সাংবাদিক অতুল চমুৱাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখনিত কাৰ্যসূচী অনুসৰি সভাপতি আসন গ্ৰহন, চিনাকি পৰ্ব, বিষয় বাচনি, দায়িত্বভাৰ অৰ্পণ কাৰ্যসূচী অন্ততঃ ১৯ জনিয়া এখন পুনাংগ সমিতি গঠন কৰা হয়।


নৱগঠিত জিলা সমিতিৰ মুখ্য উপদেষ্টা হিচাপে জেষ্ঠ্য সাংবাদিক অতুল চমুৱা, সভাপতি কল্যাণ গগৈ, উপ সভাপতি সুনিল দলে, বিনোদ ফুকন, কাৰ্য্যকৰী সভাপতি শুভ চুতীয়া, সাধাৰণ সম্পাদক ভৃগু কুমাৰ বৰুৱা, সহ সম্পাদক অজয় দলে, বিমল গৈয়াৰী, সাংস্কৃতিক সম্পাদক মনোজ শইকীয়া, ক্ৰীড়া সম্পাদক থমাচ পেগু, প্ৰচাৰ সম্পাদক হৰেণ কপ্তাক, বিত্ত সম্পাদক কুশল চেতিয়া আৰু সাংগঠনিক সম্পাদক তুলতুল দত্তক দায়িত্ব ভাৰ অৰ্পণ কৰা হয়।

ধেমাজি চিলাপথাৰৰ পৰা বিকাশ শইকীয়াৰ প্ৰতিবেদন

Leave A Reply