অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ জৰিয়তে স্বাৱলম্বী এতিয়া বহু আত্মসহায়ক গোটৰ মহিলা

তামুলপুৰ জিলাৰ নাগ্ৰীজুলি খণ্ড উন্নয়ন কাৰ্যালয়ৰ সহযোগত বহু আত্মসহায়ক গোট এতিয়া স্বাৱলম্বী। কোনোবা মহিলাই যদি ঘৰতেই তাতশালত উন্নত মানৰ চাদৰ-মেখেলা বনোৱাত ব্যস্ত আন কোনোবাই দিছে বস্ত্ৰালয়ৰ বিপনি। প্ৰতি মাহতে ২৫ ৰ পৰা ৩০ হেজাৰলৈ উপাৰ্জন কৰিছে এইসকল মহিলাই।চৰকাৰৰ অনুদানেৰে লাভাম্ভিত এইসকল মহিলাই নিজেও উপার্জনমুখী হোৱাৰ সমান্তৰভাৱে গাঁওৰ আন দহজনকো এতিয়া কৰ্ম সংস্থাপনৰ বাট মোকলাই দিছে।

উল্লেখযোগ্য যে ৰাজ্যত ১ ৰ পৰা ১৫ জুলাইলৈ আৰম্ভ হোৱা উদ্যমিতা বিকাশৰ অভিযানৰ দ্বাৰা গ্ৰাম্য উদ্যোগৰ নিৰলস মনোভাৱ উদযাপনেৰে এই সমূহ প্ৰতিষ্ঠানে নাগ্ৰীজুলি খণ্ড উন্নয়নৰ জৰিয়তে অংশগ্ৰহণ কৰি আহিছে। নাগ্ৰীজুলি খণ্ড উন্নয়ন কাৰ্যালয়ৰ খণ্ড প্ৰকল্প পৰিচালক জীৱজ্যোতি ডেকাৰ নেতৃত্বত এটি দলে গাওঁৰ পিছপৰা মহিলা সকলক নতুন দিগন্তৰ সূচনা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য প্ৰকাশ কৰে।

তামুলপুৰৰ পৰা প্ৰসাদ দাস প্ৰতিবেদন

Related Articles