টেঙাখাতত সুধাকণ্ঠ  ড॰ ভূপেন হাজৰিকা জন্ম জয়ন্তী পালন

অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক ॰ ভূপেন হাজৰিকাৰ টেঙাখাততো জন্ম জয়ন্তী পালন কৰা পৰিলক্ষিত হয়৷তদুপৰিও তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক।কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত °ভূপেন হাজৰিকাই অসম, পশ্চিমবঙ্গ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল।

ড° হাজৰিকাক এজন বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী বুলি গণ্য কৰা হয়। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গানত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাবে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও ভাৰত তথা বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে।এনে এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাত ব্যক্তি আজি টেঙাখাতত বিভিন্ন দল সংগঠন ,সংৱাদকৰ্মী ,সাহিত্য সভা ,বুদ্ধিজিৱী ,মহিলা সমিতি লগতে টেঙাখাত বাসী ৰাইজে পালন কৰা পৰিলক্ষিত হয় ৷


এই অনুস্তানত উপস্থিত থাকে টেঙাখাতৰ অসম আদিত্য সাংবাদিক নৱ গগৈ ,টেঙাখাত লাইভৰ স্বাতাধীকাৰী ৰুপম গগৈ ,প্ৰাক্তন ছাত্ৰ নেতা কাৰ্টিক হাজৰিকা ,ডিব্ৰুগড় জিলা সাহিত্য সভা প্ৰাক্তন সম্পাদক ৰাজিৱ কোঁৱৰ কে ধৰি বহু কেইজন গণ্য মাণ্য ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয়৷

Related Articles