সোণতলী : কৰোনাৰ আতংকই সম্প্ৰতি দেশত চলি থকা লকডাউনে ৰাজ্যৰ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ লকডাউনৰ মাজতে ৰাজ্যত তিনিবাৰকৈ ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নি পানীয়ে বিস্তৰ ক্ষতি সাধন কৰা দেখা গৈছে৷ ইপিনে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ একাংশ দৰিদ্ৰ ব্যক্তিসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ তেনে সময়তে দুখীয়া দৰিদ্ৰ সকলৰ কাষত থিয় দিছে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে৷ লকডাউন আৰু বানে জুৰুলা কৰা দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ সোণতলী নৈপৰীয়া একাংশ দৰিদ্ৰ পৰিয়ালৰ মাজত বিধায়িকা নন্দিতা দাসৰ সহযোগত চৰ-চাপৰি যুৱ ঐক্য মঞ্চই বিতৰণ কৰিলে ঈদৰ পোছাক৷ জানিব পৰা মতে সোণতলী এলেকাধীন বৰঘুল, বৰদিয়া নয়াপাৰা, সৰু আৰিকাটি, পানীখাইতী আদি গাঁৱৰ প্ৰায় ত্ৰিশখনকৈ পৰিয়ালৰ মাজত ঈদৰ পোছাক বিতৰণ কৰে৷ উল্লেখ্য যে, চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ সহযোগত বিধায়িকা নন্দিতা দাসৰ এনে মহানুভৱতাক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আজি ৰাজ্যৰ ৪ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ, পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ…
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…