নতুন পদ্ধতিৰে হ’ব এইবাৰৰ পৰীক্ষা, ঘোষণা হ’ল ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ দিন…

মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা হ’ল। ৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুস্থিত হ’ব ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষা। এইবাৰ ৪টা বিষয়ত থাকিব ৫০টাকৈ ১ নম্বৰৰ প্ৰশ্ন।

গণিত,ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত থাকিব অবজেক্টিভ প্ৰশ্ন।

নতুন শিক্ষা নীতিৰে অনুস্থিত হ’ব মেট্ৰিক পৰীক্ষা। ৯১২টা কেন্দ্ৰত হ’ব পৰীক্ষা। এই কথা ঘোষণা কৰিলে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে।

Related Articles