Breaking

ভাল খবৰ: বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হ’ব চৰাইদেউ মৈদামৰ নাম

0 54

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ দেশৰ পৰা একমাত্ৰ মনোনয়ন হ’ব চৰাইদেউ মৈদাম৷ আজি নিশাই ইউনেস্ক’লৈ আনুষ্ঠানিক প্ৰস্তাৱ পঠিওৱা হ’ব।

আজি জনতা ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে।

সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ দেশৰ একমাত্ৰ মনোনয়ন চৰাইদেউ মৈদাম হ’ব বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ে শুকুৰবাৰে তেওঁক জনায়।

’চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিয়াৰ বাবে ৰাজ্য চৰকাৰে ২০১৪ চনৰ পৰাই চেষ্টা অব্যাহত ৰাখিছিল।চৰাইদেউ মৈদামে ইউনেস্ক’ৰ এই স্বীকৃতি লাভ কৰিলে কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পিছত অসমৰ তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হ’ব’-মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে৷

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে বৰ্তমান দেশত প্ৰায় ৫২টা ঐতিহাসিক ক্ষেত্ৰ এই প্ৰতিযোগিতাত আছে। কিন্তু এখন সদস্য ৰাষ্ট্ৰই কেৱল এটা নামহে প্ৰেৰণ কৰিব পাৰে কাৰণে অসমৰ চৰাইদেউ মৈদামৰ নাম প্ৰেৰণৰ সিদ্ধান্ত লৈছে চৰকাৰে।

Leave A Reply