৪ এচিএছ বিষয়ালৈ জাননী। সাংসদ পুঁজিৰ কেলেংকাৰী…

সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ব্যাপক কেলেংকাৰীৰ বিৰুদ্ধে চাৰি এচিএছ বিষয়ক জাননী জাৰি কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে। হাজো,ৰঙিয়া আদিত অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল। তদাৰকী কোষে ইতিমধ্যে কেইবাগৰাকীৰ বিৰুদ্ধে গোচৰ চলোৱাৰ সিদ্ধান্ত গ্ৰহন কৰি অসামৰিক বিষয়া শৰ্মিষ্ঠা বৰা, হেমন্ত দত্ত, মুনীন বৰদলৈ আৰু সুনন্দাৰ বৰালৈ জাননী জাৰি কৰে।

উল্লেখযোগ্য যে ইতিপূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অজিত ভূঞাৰ ওপৰত গোচৰ পঞ্জীয়ন হোৱা নাই বুলি স্পষ্ট কৰি দি কৈছিল যে সাংসদ পুঁজিৰ ধন অসম চৰকাৰৰ বিভাগে ব্যয় কৰিছে বাবে দুৰ্নীতিৰ তদন্ত কৰা হব। সংশ্লিষ্ট সাংসদৰ লগতে বিভাগীয় বিষয়া আমোলা সকলো জবাবদিহি হব লাগিব বুলি উল্লেখ কৰি ডঃ শৰ্মাই কেন্দ্ৰক পুঁজিৰ ব্যয়ৰ হিচাপ অসম চৰকাৰে দিব লাগিব বুলিও স্পষ্ট কৰি দিছিল।

Related Articles