নামখলা আদৰ্শ জাতীয় বিদ্যালয়ত অভিনন্দন সভা

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নামখলা আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ অতি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক শনিবাৰে বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা অভিনন্দন পত্ৰ প্ৰদান কৰিবলৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে।

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভূপেন চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কৃতী ছাত্ৰ ছাত্ৰী সকলক ফুলাম গামোচা, অভিনন্দন পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু গছ পুলি প্ৰদান কৰি শুভেচ্ছা প্ৰদান কৰা হয়।

সভাত জ্ঞান বিকাশ একাডেমীৰ স্বত্বাধিকাৰী কুশল কলিতাই ছাত্ৰ ছাত্ৰীসকলক সমাজৰ একো একোগৰাকী ভাল মানুহ হৈ সমাজ সংস্কাৰ কৰাৰ বাবে আহ্বান জনায়।

অনুষ্ঠানত কেবাজনো শিক্ষাবিদ,অভিভাৱকৰ লগতে আঞ্চলিক ৰাইজ উপস্থিত থাকে।

Related Articles