Breaking

সম্পত্তি বিক্ৰী কৰি দেশ চলোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী দেশৰ এজন নিকম্মা সন্তানঃ ৰিপুন বৰা

0 153

দৈনন্দিন বাৰ্তা সেৱা, নলবাৰীঃ আজি নলবাৰীত কংগ্ৰেছৰ যোগদান  কাৰ্যসূচীত ভাষণ প্ৰদান  কৰি ৰিপুণ বৰাই কয় যে দেশৰ সম্পত্তি বিক্ৰী  কৰি দেশ চলোৱা প্ৰধান মন্ত্ৰী  নৰেন্দ্ৰ মোডী দেশৰ এজন  নিকম্মা  সন্তান। বিজেপি চৰকাৰে আগফালে এশ টকা দি পিছফালেৰে এক হাজাৰ টকা পকেট মাৰে  বুলিও  ৰিপুণ বৰাই কটাক্ষ কৰে। আনহাতে  কংগ্ৰেছৰ চৰকাৰ আহিলে এবছৰৰ ভিতৰতে ৯০ হাজাৰ যুৱক যুৱতীক চাকৰি প্ৰদান কৰিব বুলি ঘোষণা  কৰি প্ৰতি পৰিয়ালত এজনকৈ চাকৰি দিয়া হব বুলিও ঘোষণা  কৰে  ৰিপুণ বৰাই। আশা কৰ্মী দুগুন বৃদ্ধি কৰা হব, মধ্যান্হ  ভোজনৰ  ৰান্ধনীৰ  চাকৰি নিয়মীয়া  কৰা হব, কা আন্দোলন সম্পৰ্কে  যিবোৰ গোচৰ ৰুজু কৰা  হৈছে গোচৰ কংগ্ৰেছ  চৰকাৰ আহিলে মাহতে প্ৰত্যাহাৰ কৰা হব বুলিও ঘোষণা  কৰে  ৰিপুণ বৰাই। একেদৰে এচ আই  কেলেঙ্কাৰী  সম্পৰ্কে  প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় অসম আৰক্ষীৰ  ওপৰত বিস্বাস  নাই। চোৰক কেলেঙ্কাৰীৰ তদন্ত কৰিব দিয়া  বুলিও কটাক্ষ  কৰে। 

উল্লেখযোগ্য যে  আজি  নলবাৰীত অনুস্থিত  বৃহৎ যোগদান কাৰ্যসূচীত  নলবাৰী  অগপৰ উপ সভাপতি  তথা নলবাৰীৰ  বাৰ কাউন্সিলৰ  সভাপতি  তাইজ উদ্দিন আহমেদে কংগ্ৰেছত  যোগদান কৰে । একেদৰে নলবাৰীত  অগপ – বিজেপি – হিন্দু জাগৰণ মঞ্চ ত্যাগ কৰি চাৰিশ লোকে যোগদান কৰিলে  কংগ্ৰেছত । ইপিনে প্ৰাক্তন  মুখ্যমন্ত্ৰী  তথা জ্যেষ্ঠ  কংগ্ৰেছ  নেতা ভুমিধৰ বৰ্মনে বিজেপিক সমালোচনা কৰি  কয় যে  পুঁজিবাদ আৰু  হিন্দুত্ববাদৰ  শ্লোগানেৰে দেশ অস্থিৰ কৰিছে বিজেপিয়ে।

Leave A Reply