সাহিত্য চৰ্চাৰ অগ্ৰণী অনুষ্ঠান ”সদৌ অসম কবি মঞ্চৰ” ২০২৩ বৰ্ষৰ বঁটা প্ৰাপক সন্মানীয় বিশিষ্ট ব্যক্তিসকলৰ নাম ঘোষণা…

নমস্কাৰ গ্ৰহণ কৰিব ৷ এই প্ৰেছ বিবৃত্তিযোগে সমূহ অসমবাসীক জনোৱা হয় যে অসমৰ সাহিত্য চৰ্চাৰ অগ্ৰণী অনুষ্ঠান সদৌ অসম কবি মঞ্চৰ ২০২৩ বৰ্ষৰ বঁটা প্ৰাপক সন্মানীয় বিশিষ্ট ব্যক্তিসকলৰ নাম ঘোষণা কৰা হ’ল। উল্লেখ্য যে চলিত মাহত ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া দিনযোৰা বৰ্ণাঢ্য অনুষ্ঠানত অসমৰ সমাজ জীৱনৰ লগতে সাহিত্য, সাংস্কৃতিক আৰু সংবাদ জগতলৈ অগবঢ়োৱা অনবদ্য অৱদান আৰু সেৱাৰ বাবে এইকেইগৰাকী বিশিষ্ট ব্যক্তিক বঁ‌টাসমুহ প্ৰদান কৰা হ’ব।


স্বকীয় শৈলীৰে অসমীয়া সাহিত্যৰ ভৰাঁল সমৃদ্ধ কৰি অসমীয়া জাতীয় জীৱনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যক ৰঞ্জু হাজৰিকা দেৱক সদৌ অসম কবি মঞ্চৰ সৰ্বোচ্চ সন্মান “প্ৰজ্ঞাৰত্ন” বঁ‌টা ২০২৩ আগবঢ়োৱা হ’ব৷ নিজৰ অনবদ্য বিশেষ সেৱাৰ জৰিয়তে অসমীয়া সমাজ জীৱনলৈ সেৱা আগবঢ়োৱা বাবে গুৱাহাটী মহানগৰৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাস, লাচিত বৰফুকন পুলিচ একাডেমী, দেৰগাওঁৰ উপ-আৰক্ষী অধীক্ষক কিৰণ চন্দ্ৰ নাথ, আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশিষ্ট চিকিৎসক ডা° মৃণাল ভুঞাক সেৱাৰত্ন বঁ‌টা ২০২৩ আগবঢ়োৱা হ’ব। বিশিষ্ট লেখিকা সৰোজিনী বসুমতাৰী, বিশিষ্ট লেখক অধীৰ চন্দ্ৰ দাস আৰু বিশিষ্ট লেখক তথা শিক্ষাবিদ মইনুল হক চৌধুৰীলৈ ২০২৩ বৰ্ষৰ প্ৰজ্ঞাশ্ৰী বঁ‌টা, সংবাদ জগতলৈ নিষ্ঠা, ত্যাগ আৰু সততাৰে সেৱা আগৱঢ়াই অহা বিশিষ্ট সাংবাদিক তৰণী চৰণ কলিতা, বিশিষ্ট সাংবাদিক তাপস সমাদ্দাৰ আৰু বিশিষ্ট সাংবাদিক নছিউৰ ৰহমানলৈ ২০২৩ বৰ্ষৰ সংবাদৰত্ন বঁ‌টা,


অসমীয়া সাংস্কৃতিক জগতখনলৈ অনবদ্য বৰঙণি আগবঢ়াই অহা বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী, বিশিষ্ট অভিনেত্ৰী মাধুৰীমা চৌধুৰী আৰু সাংস্কৃতিক কৰ্মী জগদীশ শৰ্মালৈ ২০২৩ বৰ্ষৰ কলাৰত্ন বঁ‌টা, যুৱ আবৃত্তিকাৰ নম্ৰতা প্ৰীতম গোস্বামী, ৰিছা কলিতা আৰু বৰষা দাসলৈ ২০২৩ বৰ্ষৰ কাব্যকণ্ঠ বঁ‌টা, নতুন প্ৰজন্মৰ বিশিষ্ট কবি হীৰামনি লাহন, দীপিকা ফুকন আৰু আব্দুল কাদেৰ মিঞাঁলৈ সদৌ অসম কবি মঞ্চৰ ২০২৩ বৰ্ষৰ প্ৰজ্ঞাৰ সাধনা বঁ‌টা প্ৰদান কৰা হ’ব।
উক্ত অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ ৰঙিয়া অঞ্চললৈ সুনাম কঢ়িয়াই অনা মুঠ সাতগৰাকী শিক্ষাৰ্থীলৈ প্ৰয়াত সন্দীপ কলিতা মেধা বঁ‌টা প্ৰদানৰ লগতে কৃতি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে সদৌ অসম কবি মঞ্চৰ মাহেকীয়া আলোচনী “প্ৰজ্ঞাৰ সন্ধানত” আৰু বাৰ্ষিক মুখপত্ৰ “ৰঙিয়াল ৰঙিয়া”ৰ লগতে কেবাখনো গ্ৰন্থ উন্মোচন কৰা হ’ব। অনুষ্ঠানত সমূহ সাহিত্য প্ৰেমী ৰাইজ, কবি মঞ্চৰ সমূহ সদস্যৰ লগতে সমূহ শুভাকাংক্ষীৰ সহায়-সহযোগিতা সদৌ অসম কবি মঞ্চৰ তৰফৰপৰা কামনা কৰা হৈছে।

জিতু কাঞ্চন
প্ৰধান সম্পাদক
সদৌ অসম কবি মঞ্চ

Related Articles