বিশিষ্ট শিক্ষাবিদ, লেখক, সমাজকৰ্মী দেৱেন দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

বিশিষ্ট শিক্ষাবিদ, লেখক, সমাজকৰ্মী দেৱেন দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে- “প্ৰথিতযশা শিক্ষাবিদ, লেখক, সমাজকৰ্মী দেৱেন দত্তদেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত জনহিতাৰ্থে সক্ৰিয় ভূমিকা পালন কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ উৎকৰ্ষ সাধনৰ অৰ্থে তেখেত সদায় সচেতন আছিল। তেখেতৰ বিয়োগ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।

সবল ব্যক্তিত্বৰ অধিকাৰী দত্তদেৱৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকস্তব্ধ নিকটাত্মীয় আৰু গুণমুগ্ধসকললৈ মোৰ গভীৰ সমবেদনা জনালোঁ। ঔঁ শান্তি!”

Related Articles