ডিব্ৰুগড়ৰ জকাই অঞ্চলত আয়ুষ মন্ত্ৰালয়ৰ অধীনত ১০০খন বিচনাযুক্ত যোগ, প্ৰাকৃতিক চিকিৎসা হস্পিতাল নিৰ্মাণৰ সিদ্ধান্ত…

যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ জৰিয়তে বিভিন্ন অসুখৰ পৰা আমি সুকলমে উপশম পাব পাৰোঁ। এই পৰম্পৰাগত পদ্ধতিৰ প্ৰসাৰৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ জকাই অঞ্চলত আয়ুষ মন্ত্ৰালয়ৰ অধীনত ১০০খন বিচনাযুক্ত যোগ আৰু প্ৰাকৃতিক চিকিৎসা হস্পিতাল নিৰ্মাণৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এইখনেই হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন যোগ আৰু প্ৰাকৃতিক চিকিৎসা হস্পিতাল, ইয়াত গৱেষণা কেন্দ্ৰৰো ব্যৱস্থা থাকিব। আজি হস্পিতালখনৰ প্ৰস্তাৱিত নিৰ্মাণস্থলী পৰিদৰ্শন কৰি বিভিন্ন দিশৰ বুজ লই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি চৈকত পাত্ৰ, উপ-পৌৰপতি উজ্জ্বল ফুকনৰ লগতে বহু গণ্য-মান্য ব্যক্তি।

Related Articles