গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে ঢেকীয়াজুলিৰ চিৰাজুলিস্থীত শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰত আজি ভকত বৈষ্ণৱ সকলে অনুষ্ঠিত কৰিছে নাম প্ৰসংগ। আজি ভকত বৈষ্ণৱ সকলে নাম প্ৰসংগ অনুষ্ঠিত কৰি শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাক প্ৰণিপাত জনাইছে৷আজি এক উদুলিমুদুলি পৰিবেশ দেখিবলৈ পোৱা গল চিৰাজুলিৰ শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগনতঃআজি গুৰুজনাৰ নাম প্ৰসংগত জীপাল হল চিৰাজুলিৰ শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰৰ প্ৰাংগন।
ইপিনে চিৰাজুলিৰ শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰত আজি উপস্থিত হয় ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালঃমন্ত্ৰী অশোক সিংঘালে চিৰাজুলিৰ শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰত উপস্থিত হৈ নাম প্ৰসংগত অংশগ্ৰহণ কৰে৷

