বোকাখাতত আয়োজন কৰা “ঋণ মেলা”ত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ…

অসম চৰকাৰে আত্মসহায়ক গোটসমূহক দক্ষতাৰ প্ৰশিক্ষণ, বিত্তীয় সাহায্য তথা বেংক ঋণ প্ৰদানৰ জৰিয়তে শক্তিশালী কৰি তুলিবলৈ নিষ্ঠাৰে কাম কৰি আহিছে।
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ উদ্যোগত আত্মসহায়ক গোটৰ বাবে বোকাখাতত আয়োজন কৰা “ঋণ মেলা”ত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ ।


আজিৰ এই মেলাত আনুষ্ঠানিকভাৱে ১৪৮টা মহিলা আত্মসহায়ক গোটৰ হিতাধিকাৰীসকলক মুঠ ৪,৩৬,৫০,০০০ টকাৰ চেক বিতৰণ । হিতাধিকাৰীসকলক নিজ নিজ ক্ষেত্ৰত ধন সঠিকভাৱে বিনিয়োগ কৰি আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰাৰ বাবে আহ্বান জনালে মন্ত্ৰী অতুল বৰাই।


বোকাখাতৰ চক্ৰ বিষয়া শ্ৰী চম্পক ডেকা, দণ্ডাধীশ, গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, বিজেপি-অগপৰ বিষয়ববীয়া, কৰ্মকৰ্তাসকল, বোকাখাত পৌৰসভাৰ পৌৰপতি, আঞ্চলিক পঞ্চায়তৰ সভাপতি, পঞ্চায়ত প্ৰতিনিধিসকল, মহকুমা প্ৰশাসনৰ বিষয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া তথা বেংক কৰ্তৃপক্ষ, বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ৰাইজ অনুষ্ঠানত উপস্থিত থাকে।

Related Articles