ভাৰতবৰ্ষৰ বহুতো শিল্পীৰ ৪২২ টা শিল্পকৰ্মৰ মাজৰ পৰা অসমৰ চিত্ৰ শিল্পী দাদুল চলিহাৰ শিল্পকৰ্ম টি শ্ৰেষ্ঠ হিচাপে নিৰ্বাচিত হয় । তেওঁৰ সৃষ্ট Logo টি এতিয়াৰে পৰা গোলাঘাটত স্থাপন হোৱা নৱনিৰ্মিত সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ এক পৰিচয় হ’ব।
এক বিশেষ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত স্হানীয় মন্ত্ৰী বিধায়ক আৰু বহুতো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তেখেতক এখন চেলেং চাদৰ, গামোচা, মানপত্ৰ আৰু এখন শৰাইৰে সন্মানিত কৰে ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই।

