মাজুলীত সুৰক্ষিত শৈশৱ, সোণালী অসম’ শীৰ্ষক অভিযানৰ সফলতাৰে সামৰণি…

মাজুলীত আজি সুৰক্ষিত শৈশৱ , সোণালী অসম’ শীৰ্ষক ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ সফলতাৰে সামৰণি পৰে  । ২০৬ নং খোনাচুক প্ৰাথমিক বিদ্যালয়ত শিশু কল্যাণ সমিতিৰ জেষ্ঠ সদস্য  সদানন্দ দোলাকাষৰীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনিত মাজুলী জিলা শিশু সুৰক্ষা গোটৰ অংশস্বৰূপ মাজুলী জিলা শিশু সুৰক্ষা বিষয়া কাৰ্যালয়, শিশু কল্যাণ সমিতি, শিশু কৈশোৰ -ন্যায়িক পৰিষদৰ সমাজকৰ্মী -সদস্য, চাইল্ড লাইন ইণ্ডিয়া মাজুলী, মাজুলী জিলা শিশু গৃহৰ কাউন্সিলৰ আৰু মাজুলী জিলা ন্যায়িক প্ৰাধিকাৰী কাৰ্যালয়ৰ পৰা অংশগ্ৰহণ কৰে। অনুষ্ঠানটিত বিদ্যালয় খনৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষক, বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয়ৰ মাতৃগোট, বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকল, অভিভাৱক, স্থানীয় ৰাইজে অংশগ্ৰহণ গ্ৰহণ কৰে।

সভাখনিৰ প্ৰাৰম্ভণিতে মাজুলী জিলা শিশু -কৈশোৰ ন্যায়িক পৰিষদৰ সদস্য-সমাজকৰ্মী ৰমেশ চন্দ্ৰ শ‌ইকীয়াই আদৰণি বক্তব্য প্ৰদান কৰি সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ শিশু কল্যাণ সমিতিৰ সদস্য সদানন্দ দোলাকাষৰীয়ালৈ আহ্বান জনায় আৰু সভাত উপস্থিত থকা সকলোকে পৰিচয় জ্ঞাপন কৰে। সভাপতি আসন গ্ৰহণৰ পিচতে শিশু কল্যাণ সমিতিৰ অন্যতম সদস্য থানুকৃষ্ণ দত্ত‌ই নিজা ৰচনা কৰা এটি গীত পৰিৱেশন কৰে। সভাত উপস্থিত সকলৰ মাজৰ পৰা ক্ৰমে শিশু -কৈশোৰ ন্যায়িক পৰিষদৰ সদস্য-সমাজকৰ্মী ৰমেশ চন্দ্ৰ শ‌ইকীয়া, মাজুলী জিলা শিশু কল্যাণ সমিতিৰ সদস্য থানুকৃষ্ণ দত্ত, অভিভাৱকৰ তৰফৰপৰা পূৰ্ণিমা বৰা হাজৰিকা, বিদ্যালয়ৰ প্ৰধান শিক্ষক ধীৰেণ বৰা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুৰজিৎ বৰা, মাজুলী জিলাৰ শিশু গৃহৰ কাউন্সিলৰ প্ৰিয়ংকা বৰঠাকুৰ,

চাইল্ড লাইন ইণ্ডিয়া ফাউণ্ডেশ্যন মাজুলী জিলা গোটৰ সদস্যা ভনী গাম, মাজুলী জিলা আইন সেৱা প্ৰাধিকাৰণৰ গ্ৰাম্য আইন সেৱা সদস্য প্ৰফুল্ল নৰহ, শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ -ছাত্ৰী সকলে নিজ নিজ দৃষ্টিৰে সোণালী শৈশৱ, সুৰক্ষিত অসম’ প্ৰসংগত কম-বেছি পৰিমাণে বক্তব্য প্ৰদান কৰে। সকলোৰে মনৰ মনৰ কথাত ভিন্ন দিশ উন্মোচন হয় আৰু সকলোৱেই বিষয়বস্তুৰ গুৰুত্ব ভালদৰেই জ্ঞাত হোৱা দেখা পোৱা যায়। ছাত্ৰ -ছাত্ৰী সকলৰ মাজত ৰমেশ চন্দ্ৰ শ‌ইকীয়া আৰু থানুকৃষ্ণ দত্ত‌ই নিবিড়ভাৱে জড়িত হৈ বিভিন্ন সামাজিক, সাংস্কৃতিক, আইনগত আৰু শিশু -কৈশোৰ সকলৰ অধিকাৰ সমুহৰ সম্পৰ্কে বিশদভাৱে আলোকপাত কৰে। শিশু সকলে নিসংকোচে নিজ নিজ ৰুচি,অভিৰুচি আৰু ভৱিষ্যতৰ দিনত কি হোৱাৰ কামনা কৰে তাকো ব্যক্ত কৰে। কাৰ্যসূচীৰ শেষত সভাপতিৰ মন্তব্যৰ আধাৰত সদানন্দ দোলাকাষৰীয়াই  গুৰুত্বপূৰ্ণ বিষয় উন্মোচিত কৰি মন্তব্য আগবঢ়ায়। সামৰণিত জাতীয় সংগীত পৰিৱেশনেৰে সভা ভংগ হয়।

Related Articles