প্ৰাক্তন ছাত্ৰ নেতা বিপুল চুতীয়াৰ মৃত্যুত তিনিদিনীয়াকৈ শোক পালন সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্র সন্থা…

অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ মাজুলী জিলাৰ নতুন বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত বৰবিল গাঁৱৰ বাসিন্দা, চুতীয়া উন্নয়ন পৰিষদৰ সদস্য তথা সদৌ অসম চুতীয়া ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিপুল চুতীয়া (৪০)ই ২১ ছেপ্টেম্বৰৰ ৰাতি  শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, কিছুদিনৰ পৰা অসুস্থ প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে চিকিৎসাৰ বাবে ২১ ছেপ্টেম্বৰত ডিব্ৰুগড়লৈ গৈ চিকিৎসা কৰে যদিও উন্নত চিকিৎসাৰ বাবে ২২ ছেপ্টেম্বৰত হাইদৰাবাদলৈ যাবলৈ যো-জা কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাত স্বাস্থ্যৰ অধিক অৱনতি হোৱাত ধেমাজিৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ লৈ যোৱা হয় যদিও পথতে মৃত্যুক আঁকোৱালি লয় নেতাগৰাকীয়ে। মাজুলীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্রোতভাৱে জড়িত বিপুল চুতীয়াই গেজেৰা আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক, মাজুলী জিলা চুতীয়া ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক, উজনি মাজুলী মিলন সংঘৰ ৰাস পৰিচালনা সমিতিৰ সম্পাদক, নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰাৰ উপৰি সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সাধাৰণ সম্পাদক, উপদেষ্টা, সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ উপ-সভাপতি আৰু শেহতীয়াকৈ চুতীয়া জাতি উন্নয়ন পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

আজি পুৱা ছাত্ৰ নেতাজনৰ নশ্বৰ দেহ নিজা বাসগৃহত আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশ বিৰাজ কৰে। তেখেতৰ বাসগৃহত অসংখ্য গুণমুগ্ধ আৰু বিভিন্ন সংগঠনৰ নেতৃত্বই নেতাগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। তেখেতৰ মৃত্যুত সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ৰতন বড়া, সভাপতি ৰহিম শইকীয়া লগতে বিষয়ববীয়াই মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তিনিচুকীয়া জিলাত চুতীয়া ছাত্ৰ সন্থাৰ তিনিদিনীয়াকৈ পতাকা অৰ্ধনমিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Related Articles