ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ব্যঘ্ৰ প্ৰকল্পৰ সৌজন্যত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হয়।প্ৰতি বছৰৰ দৰে এই বছৰো উদ্যান খনত ২ অক্টোবৰ পৰা ৮ অক্টোবৰলৈ উদযান কৰা হব বন্যপ্ৰাণী সপ্তাহ।প্ৰতি দিনাই থাকিব এক সুকীয়া কাৰ্যসূচী।প্ৰথম দিনা ২ তাৰিখ সোমবাৰে উদ্যানখনৰ গাতে লাগি থকা মুছলিম চাপৰি গাওঁত এখনি সজাগতা সভা অনুষ্ঠিত কৰে।

সভাত বন্যপ্ৰাণী সমূহক কেনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰি আৰু দাঁতি-কাষৰীয়া ৰাইজৰ ভূমিকাৰ ওপৰত বিতংকৈ আলোচনা কৰা হয়।৩ তাৰিখ মঙ্গলবাৰে উদ্যান গাতে লাগি থকা নলবাৰী প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰী ৰ মাজত অনুষ্ঠিত হয় ছবি অঙ্কন প্ৰতিযোগীতা। ইয়াত সহযোগীতা কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক ছেকান্দৰ আলী সহকাৰী শিক্ষক আতিকুৰ ৰহমান, আশ্ৰাফুল হুছেইন আৰু লগতে থাকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনপালক বিচিত্ৰ ৰায়, মৌচুমী দাস আৰু বনকৰ্মী সীতা পৌডেল,দীপা ঠাকুৰ, সোনপাহী ৰায় আৰু বিশ্বজীৎ ৰাভা।

অনাগত পাঁচ দিনৰ কাৰ্যসূচী সম্পৰ্কে আমাৰ আগত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনপালক প্ৰানজিৎ ডেকাই কয় যে ৪ তাৰিখ বুধবাৰে ৰঙাগড়া শান্তিময় একাডেমিত ছাত্ৰ-ছাত্ৰী মাজত ছবি অঙ্কন প্ৰতিযোগীতা হ’ব।৫ তাৰিখ বৃহস্পতিবাৰে ফাটাশিমুল নতুন বজাৰ,৬ তাৰিখ শুক্ৰবাৰে কাচোম মাৰী চোনাৰী গাওঁত, ৭ তাৰিখ শনিবাৰে নলবাৰী গাওঁত আমি বন্যপ্ৰাণী সজাগতা সভা অনুষ্ঠিত কৰিম আৰু অন্তিম দিনা ৮ তাৰিখ দেওঁবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া গাওঁৰ গাওঁ প্ৰধান, গাওঁ ৰক্ষী বাহিনী,ই.ডি সমিতিৰ বিষয়ববীয়াৰ, স্থানীয় সচেতন ৰাইজক লৈ আমি বৃহৎ বাবে উদ্যান খনৰ সভাগৃহত এক সভা অনুষ্ঠিত কৰিম যত হৈ যোৱা বিদ্যালয় সমূহত ছবি প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয়, তৃতীয় স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰীক পুৰস্কাৰে সন্মানিত কৰিব।

