বন্যপ্ৰাণী সপ্তাহৰ সৈতে সংগতি ৰাখি পক্ষীৰ নামেৰে স্বৰবৰ্ণ পৰিচয়মূলক ‘সেউজ বৰ্ণমালা’ৰ সংচিত্ৰ মুকলি…

নতুন প্ৰজন্মক প্ৰকৃতিৰ উপাদানসমূহ চিনাকী কৰি দিয়াৰ এক পদক্ষেপ। প্ৰথম পদক্ষেপ হিচাপে ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সৈতে সংগতি ৰাখি পক্ষীৰ নামেৰে স্বৰবৰ্ণ পৰিচয়মূলক ‘সেউজ বৰ্ণমালা’ৰ প্ৰথমখন সংচিত্ৰ মুকলি।

পু এন ফ’ ৱাইল্ডৰ হৈ মানস প্ৰতিম দত্ত, ধ্ৰুৱ জ্যোতি চেতিয়া, বিমান সন্দিকৈ আৰু ধৰ্মেশ্বৰ নাথে প্ৰস্তুত কৰা সংচিত্ৰখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যিক ইন্দিবৰ বুঢ়াগোহাঞি আৰু বিশিষ্ট কবি জয়চন্দ্ৰ হাজৰিকাই।

Related Articles