অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী আফজাল আলী খণ্ডক ৰাজ্যপালৰ দ্বাৰা যুৱ প্ৰেৰণা বঁটা…

আৰক্ষীৰ বাবে নিশ্চিত ভাৱেই ভাল খবৰ। সাংস্কৃতিক মহাসভা অসমৰ দ্বাৰা আয়োজিত পঞ্চম ৰাজ্যিক বঁটা আৰু উপাধি প্ৰদান অনুষ্ঠান আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজিত বৰ্ণাঢ্য অনুষ্ঠান অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী আফজাল আলী খণ্ডকৰক ৰাজ্যিক যুব প্ৰেৰণা বটাৰে সন্মানীত কৰা হয় । অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীযুত গোলাপ চান্দ কাটাৰিযাই আফজাল আলী খণ্ডকৰক ফুলাম গামোচা, ফুলৰ টোৰা সম্বৰ্ধনা, পত্ৰ ফুলাম জাপি, কিতাপৰ টোপোলা, সাংস্কৃতিক মহাসভাৰ প্ৰতিক আদিৰে উস্ম সম্বৰ্ধনা জনাই। সৰুৰেপৰাই লিখা মেলা কৰা খণ্ডকৰে ব্যস্ততাপূৰ্ণ আৰক্ষীত কৰ্মৰত থাকিও পেপাৰে পত্ৰৰ লগতে বিভিন্ন আলোচনী মেগাজিনত লিখাৰ লগতে বৰ্তমান লৈ পাচখন উপন্যাস এইখন কবিতা পুথি আৰু এখন ধৰ্মীয় পুথি প্ৰকাশ কৰি উলিয়াছে । আনহাতে বিভিন্ন সামাজিক কাম কাজত আগৰণুৱা আফজাল খণ্ডকৰে এগৰাকী গীতিকাৰ নাট্যকাৰ হিচাপেও মনোনিৱেশ কৰিছে ।


ইয়াৰ পুৰ্বেই তেওঁৰ কৰ্মৰাজিৰ বাবে 2021 চনত এম এচ এচ এফে ৰাষ্ট্ৰীয় গৌৰৱ বঁটা, নৰ্থ ইষ্ট আৰ্টিষ্টক টেলেন্ট ক্লাবে সাহিত্য সূৰ্য্য বটাঁৰ লগতে অসম সাহিত্য সভা অসম নাট্য সন্মিলন সাংস্কৃতিক মহাসভা অসমৰ দ্বাৰাও সন্মানিত হৈছিল।

Related Articles