ডবকাত ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত তিনি অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা

দৈনন্দিন বাৰ্তাৰ সেৱা,ডবকা, ১১ নৱেম্বৰঃ ডবকাৰ প্ৰতিষ্ঠিত সমাজসেৱী সংস্থা ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনে ভাৰতৰ প্ৰথম গৰাকী শিক্ষা মন্ত্ৰী ভাৰতৰত্ন মৌলানা আবুল কালাম আজাদৰ জন্ম দিনৰ লগত সংগতি ৰাখি পালন কৰা ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ দিনা ডবকাত বৃক্ষৰোপন আৰু অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে৷ আজি পুৱাৰ ভাগত সংস্থাটোৱে ডবকা ষ্টেট বেংক সমীপত বৃক্ষৰোপন কাৰ্যসূচী গ্ৰহণ কৰে৷ ডবকা ৰাজহ চক্ৰ বিষয়া ডঃ টিংকু মনি বৰাই বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ সভাখনত ডবকা ষ্টেট বেংকৰ প্ৰৱন্ধক, ডবকা আৰক্ষী চক্ৰ পৰিদৰ্শক উপস্থিত থাকি সকলোকে গছপুলি ৰোপন কৰিবলৈ আহ্বান জনায়৷ তাৰ পিছত সংস্থাটোৰ উদ্যোগত ঊৰ্ধগাঁও মধ্য ইংৰাজী বিদ্যালয়ত এক সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়৷ সভাখনত ডবকা অঞ্চলৰ তিনি গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনোৱা হয়৷

শিক্ষক কেইগৰাকী হৈছে ক্ৰমে ডবকা বিদ্যা মন্দিৰ এল পি স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মাখন চন্দ্ৰ বিশ্বাস, ডবকা এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফখৰুদ্দিন চৌধুৰী, কছাৰীপাৰা ছাৰ চৈয়দ এম ই স্কুলৰ শিক্ষক বিপুল চন্দ্ৰ বৰাক এই সম্বৰ্ধনা জনোৱা হয়৷ সম্বৰ্ধনা অনুষ্ঠানটিত ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনৰ সভাপতি আব্দুল জলিল, সম্পাদক জাহানাৰা বেগম চৌধুৰী(জুনু), সদস্য ক্ৰমে তাজ উদ্দিন বৰভূঞা, আব্দুচ চুবুৰ বৰভূঞা, আব্দুল খালিককে ধৰি ডবকা অঞ্চলৰ বিশিষ্ট ব্যক্তি, উৰ্ধগংগা অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ, ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে৷

অনুষ্ঠানৰ আৰম্ভণিতে ভাৰতৰত্ন মৌলানা আবুল কালাম আজাদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তী প্ৰজ্বলন কৰা হয়৷ তাৰ পিছত উৰ্ধগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গীত-মাতৰো এটি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ সভাৰ শেষত সংস্থাটিয়ে বিদ্যালয়খনৰ চৌহদত বৃক্ষৰোপন কৰে৷

ইপিনে যোগীজান প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত কৰৈগুৰী নতুন প্ৰাথমিক বিদ্যালয়তো ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয়৷ বৃহত্তৰ কৰৈগুৰী নাগৰিক সমাজৰ উদ্যোগত আয়োজিত সভাখনৰ পৰিচালনা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰফিক উদ্দিনে৷ সভাত বক্তব্য আগবঢ়ায় সাংবাদিক জমিৰ উদ্দিন তালুকদাৰ, আব্দুল মুহিত কাছিমীয়ে৷ সভাখনত ৰৌৱাৰপাৰ মাদ্ৰাছাৰ শিক্ষা সচিব মৌলানা আব্দুল মন্নান কাছিমীক এখনি মানপত্ৰ, গামোছাৰে সম্বৰ্ধনা জনোৱা হয়৷ সভাখনত শিক্ষক উবাইদুৰ ৰহমান মাঝাৰভূঞা, মইদুল আলম বৰভূঞা, শ্বাহ আব্দুল আজিজ খান, ইন্তাজ আলী, আজিমুন নেহাৰ, আব্দুল গণিকে ধৰি কেবাগৰাকী বিশিষ্ট নাগৰিকে অংশ লয়৷

Related Articles