সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটাপ্ৰাপক শিশু সাহিত্যিক যুগললোচন দাসৰ সম্পাদিত শিশু – কিশোৰৰ তিনিমহীয়া আলোচনী ‘চোতালৰ পখিলা’ৰ আজি তৃতীয় বৰ্ষপূৰ্তি আৰু বঁটা – সম্বৰ্ধনা অনুষ্ঠান লতাশিলৰ বিষ্ণু – নিৰ্মলা শিশু পুথিভঁৰাল সভাগৃহত অনুষ্ঠিত হয়।

এই সভাত বৰ্ষীয়ান শিশু সাহিত্যিক দীপ্তি বৰুৱাক প্ৰদান কৰা হয় ‘চোতালৰ পখিলা’ দিগন্ত কুমাৰ ডেকা সোঁৱৰণী শিশু সাহিত্য বঁটা। এই বঁটাত আছে নগদ সাত হাজাৰ টকা, মানপত্ৰ, স্মাৰক, কিতাপৰ টোপোলা, চেলেং চাদৰ আৰু গামোচা। উদীয়মান লেখক – মেধা ছাত্ৰ সংকল্পজিৎ শইকীয়াক প্ৰদান কৰা হয় ‘চোতালৰ পখিলা’ ৰজত বৰুৱা সোঁৱৰণী যুৱ প্ৰতিভা বঁটা। এই বঁটাত আছে নগদ পাঁচ হাজাৰ টকা, মানপত্ৰ, স্মাৰক, কিতাপৰ টোপোলা আৰু গামোচা। বিশেষভাৱে সক্ষম প্ৰতিশ্ৰুতি সম্পন্ন যুৱ লেখিকা হিয়া দাসক প্ৰদান কৰা হয় ‘চোতালৰ পখিলা’ বিশেষ যুৱ প্ৰতিভা বঁটা। এই বঁটাত আছে নগদ তিনি হাজাৰ টকা, মানপত্ৰ, স্মাৰক, কিতাপৰ টোপোলা আৰু গামোচা। বটা সমূহ প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ, সমালোচক ড° দয়ানন্দ পাঠক, অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষীকেশ গোস্বামী, সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটাপ্ৰাপক বন্দিতা ফুকন আৰু হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, সাহিত্য অকাডেমিৰ ভাষা উপদেষ্টা দিগন্ত বিশ্ব শৰ্মা, ভাৰত চৰকাৰৰ পৰ্য্যটন বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কমললোচন দাস, জ্যেষ্ঠ সাংবাদিক প্ৰনয় বৰদলৈ,বিশিষ্ট লেখিকা নীলিমা বৰা, বিনু লস্কৰ, ড° থুনু কলিতা, অসম লেখিকা সংস্থাৰ সভানেত্ৰী মৃদুলা শৰ্মা, সমাজসেৱী নঞ্জু দত্তই।
সভাত যুগললোচন দাসৰ ‘সাঁচিপাতৰ পুথিৰ ৰহস্য ‘ আৰু ‘পূজাৰ আনন্দ ‘, ৰূপলেখা দেৱীৰ ‘এমুঠি মনোৰম সাধু’, ঐতিহাসিক বীৰ-বীৰাংগনাৰ কাহিনী ‘ আৰু ‘ বাৰেবৰণীয়া সাধু ‘, বিজয়া গগৈৰ ‘ সপোন দেখা ল’ৰাজন’ তৃষ্ণা শৰ্মাৰ ‘ ঝষি – মুনিৰ মনোৰম কাহিনী, ভূপেন চন্দ্ৰ দাসৰ ‘ সাহসী মন’ আৰু লিলি দেৱীৰ ৰ’দালি পুৱাৰ ৰং ‘ শিশুগ্ৰন্থকেইখন উন্মোচন কৰা হয়। ‘অসমীয়া শিশু আলোচনীৰ ১৩৫বছৰ ‘ শীৰ্ষক বক্তৃতা প্ৰদান কৰে ৰহা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° ৰাজশ্ৰী বৰাই। শিশু আলোচনীৰ সম্পাদকসকলক বিশেষ সম্বৰ্ধনা জনোৱা হয়। তদুপৰি ২৪টি শিশু – কিশোৰক ‘ বিশেষ প্ৰতিভাৰ আশীৰ্বাদ ‘ প্ৰদান কৰা হয়।
শিশুৰ গীত- মাতেৰে মুখৰিত হৈ পৰা ৰীতু গগৈ আৰু মনবিনি দাসে আঁত ধৰা অনুষ্ঠানটোত ‘চোতালৰ পখিলা’ই আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী শিশুকেইগৰাকীক পুৰস্কাৰ প্ৰদান কৰা হয়। সভাত ভালেকেইগৰাকী শিশু সাহিত্যিক, লেখক, বিশিষ্ট ব্যক্তি আৰু অসমৰ বিভিন্ন ঠাইৰ ‘চোতালৰ পখিলা’ৰ সদস্যসকল উপস্থিত থাকে।

