চিলাপথাৰত ১৩ খন আঞ্চলিকৰ উদ্যোগত ৫২ সংখ্যক টি এম পি কে ৰ প্ৰতিষ্ঠা দিৱস পালন…

আজি অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিচিং সকলৰ সৰ্বাঙ্গীন উত্তৰণৰ স্বাৰ্থত ১৯৭১ চনত গঠিত হোৱা একমাত্ৰ ছাত্ৰ সংগঠন সদৌ মিচিং ছাত্ৰ সন্থা চমুকৈ টিএমপিকেৰ আজি  ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন । ৰাজ্যৰ আন প্ৰান্তৰ লগতে  চিলাপথাৰত  ১৩খন আঞ্চলিকত পালন কৰা হয় প্ৰতিষ্ঠা দিৱস। পুৱা পতাকা উত্তোলন , শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ পাছতেই সাংবাদিকৰ সৈতে মুখামুখিত এপিচিচিৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে টিএমপিকেৰ নেতাই । জোনাই সমষ্টিত ‘চাঙে চাঙে কংগ্ৰেছ’যাত্ৰাত মিচিং জাতীয়ৰ স্বাভিমানীস্বৰূপ ৰিঃবি গাচেঙক ভৰিৰে মুহাৰি গচকি ভূপেন বৰাই কৰা চূড়ান্ত অপমান একেমুখে ধিক্কাৰ গৰিহণা জনোৱাৰ লগতে ২৪ ঘন্টাৰ ভিতৰত মিচিং ৰাইজৰ ওচৰত ক্ষমা-ভিক্ষা নুখুজিলে মিচিং অধ্যুষিত অঞ্চলত ভূপেন বৰাৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰাৰ লগতে  তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ লগতে পৰিস্থিতি ভয়ানক হ’ব বুলি সকিয়াই দিয়ে টিএমপিকে চিলাপথাৰ জিলা সমিতিৰ সম্পাদক মানস কুলি আৰু কেন্দ্ৰীয় টিএমপিকে নেতা হেমচন্দ্ৰ দলে । 

ইপিনে অহা ২৭,২৮ আৰু ২৯ অক্টোবৰত জোনাইত টিএমপিকে কেন্দ্ৰীয় সমিতিৰ উদ্যোগত মিচিং অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাক লৈ এমাহ জুৰি চিলাপথাৰ জিলাৰ অধীনত ১৩খন আঞ্চলিকত  বাচনি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল ইয়াৰে আজি সামৰণি পৰে । লগতে টিএমপিকে  প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰবোৰৰ দৰে এইবাৰো চিলাপথাৰ দঃঞিঃ পঃল সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টিএমপিকে চিলাপথাৰ টাউন সমিতি আৰু টিএমপিকে কলেজ গোটৰ উদ্যোগত ৪০ সংখ্যক কাংকিন কৗবাং অৰ্থ্যাৎ আদৰণি সভা অনুষ্ঠিত কৰা হয় । কাৰ্যসূচীৰ অনুসৰি পুৱা ভাগত টিএমপিকেৰ পতাকা উত্তোলন কৰে জিলা সমিতি সভাপতি ৰাজীৱ দলে, টাউন সমিতি সভাপতি বিমান মিলি,আৰু কাংকিন কৗবাং উদযাপন সমিতিৰ সভাপতি মৃদুল কুমাৰ দলে । ইয়াৰ পিছত শ্বহীদ তৰ্পন কৰে জিলা সমিতিৰ সম্পাদক মানস কুলি, টাউন সমিতিৰ সম্পাদক শচীন কুটুম  আৰু কাংকিন কৗবাং উদযাপন সমিতিৰ সাধাৰণ সম্পাদক থমাচ দলে । অনুষ্ঠানত টিএমপিকে কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলে, সাধাৰণ সম্পাদক চান দঃঞিঃ পাংগিং,এমএছছি কাৰ্যবাহী সদস্য জহান দলে,

এম এছ ছিৰ সাধাৰণ সদস্য প্ৰতাপ চন্দ্ৰ টায়ে, অৰুনাচ প্ৰদেশৰ লিকাবালিৰ বিধায়ক কাৰ্দ নিগয়ৰ, চিচিবৰগাঁও ব্লক আঞ্চলিক পঞ্চায়তৰ সভাপতি দেৱকান্ত পেগু,ধেমাজি জিলা পৰিষদৰ উপ সভানেত্ৰী বন্তিবালা পেগু,  চিলাপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মোহিধৰ টায়ে,চিলাপথাৰ পৌৰসভা সভানেত্ৰী লাৱণ্য পাইদ দলে, টিএমপিকে কেন্দ্ৰীয় সমিতিৰ হেমচন্দ্ৰ দলে,  লিখন কুম্বাং, চন্দন টায়ে, ৰিদিপ ৰেগন, টিএমএমকে কেন্দ্ৰীয় সমিতিৰ অঞ্জীতা পেগু,টিএমএমকে চিলাপথাৰ জিলা সভানেত্ৰী গুণলতা মৰাং, সম্পাদিকা জয়া পেগু,  এমএমকে চিলাপথাৰ জিলা সমিতিৰ সভাপতি ৰাজু পেগু, সম্পাদক চিবিৰাম টাহু, জিলা সমিতিৰ নৱ টাইদ,চিলাপথাৰ জিলা সমিতিৰ ক্ৰীড়া সম্পাদক ললিত দলে, মেডিয়া চেলৰ ভৱেন টায়ে, সুনিত টায়ে,  চন্দ্ৰকান্ত পেগু,  সাহিত্য সম্পাদক মোহন পাংগিং, কাংকিন কৗবাং উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মোহন জ্যোতি কুলি  আদি উপস্থিত থকা অনুষ্ঠানত  নিশা মিচিং গুমৰাগ নৃত্য, ঐনিতম, মিচিং ফেশ্বন শ্ব’ ৰ সাংস্কৃতিক সংগীতানুষ্ঠান আদি অনুষ্ঠিত কৰা হয় ।

শম্ভু দাস চিলাপথাৰ

ধেমাজি অসম

Related Articles