নাথ-যোগী জনগোষ্ঠীক বসুন্ধৰা আঁচনিৰ সুবিধা প্ৰদানৰ দাবীত ধেমাজি জিলা আয়ুক্তক স্মাৰক পত্ৰ ‘আনিছু’ ৰ…

নাথ-যোগী জনগোষ্ঠীক বসুন্ধৰা আঁচনিৰ সুবিধা প্ৰদানৰ দাবীত

ধেমাজি জিলা আয়ুক্তক স্মাৰক পত্ৰ ‘আনিছু’ ৰ

বৰদলনি আৰু ধেমাজি ৰাজহ চক্ৰত অধীনত বসবাস কৰা অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী নাথ-যোগী জনগোষ্ঠীৰ লোক সকলক বসুন্ধৰা আঁচনিৰ যোগে ভূমি পট্টাৰ লগতে কেইবাটাও দাবী সম্বলিত এখনি স্মাৰক পত্ৰ আজি ধেমাজি জিলা আয়ুক্তক প্ৰদান কৰে সদৌ অসম নাথ – যোগী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ এটি প্ৰতিনিধি দলে। অসম চৰকাৰে জনসাধাৰণক ভূমি পট্টা প্ৰদানৰ লক্ষ্যৰে অভিলাষী আঁচনি বসুন্ধৰা ২.০ ৰ যোগেদি আন জনগোষ্ঠীৰ ধৰে নাথ যোগী জনগোষ্ঠীৰ লোকে আবেদন কৰিছিল যদিও ধেমাজি জিলাত বসবাস কৰা বহু সংখ্যক নাথ যোগী লোকে আবেদন কৰিছিল যদিও বিভাগীয় চক্ৰ বিষয়াই বহু  কাৰণ দৰ্শাই আবেদন  নাকচ কৰা পৰিলক্ষিত হৈছে।

জনগোষ্ঠীৰ এই ভূমি সমস্যা সমাধানৰ লগতে  অসম চৰকাৰে অসমৰ যি কোনো ট্ৰাইবেল বেল্ট আৰু ব্লক সমুহত বসবাস কৰা  নাথ যোগী লোকসকলক সংৰক্ষিত শ্ৰেণীৰ হিচাপে ১৯৯৮ চনৰ ১৯ ছেপ্টেম্বৰ ত এন.অ আৰ আৰ জি ১০০/৩৯/২৩ নং নিৰ্দেশৰ  জৰিয়তে জাৰি কৰা অধিসূচনা খনৰ এটি কপিও প্ৰদান কৰে। আয়ুক্তই বিষয় টো গুৰুত্ব দি জোনাই আৰু চিচিবৰগাওঁ ৰাজহ চক্ৰ বিষয়াৰ লগত টেলিফোনিক বার্তালাপ কৰি সংগঠনৰ বিষয়ববীয়া সকলৰ লগত প্ৰায় ৩০ মিনিট সময় আলোচনা কৰি জিলা ৰাজহ বিভাগৰ অতিৰিক্ত আয়ুক্তক বিষয়টো অৱগত কৰে

আৰু যিসকলৰ  আবেদন অনলাইনত বৰ্তমান  নাকচ দেখাইছে তেওঁলোকৰ ক্ষেত্ৰত থকা চলিত বর্ষৰ ১৪ নৱেম্বৰৰ পিছত পুনৰ আবেদন কৰিব পাৰিব বুলি জিলা আয়ুক্তই অৱগত কৰে। আজি জিলা আয়ুক্তক সাক্ষাৎ কৰা প্ৰতিনিধি দলটোত নাথ যোগী উন্নয়ন পৰিষদৰ ধেমাজি জিলাৰ সদস্য সঞ্জয় নাথ, সদৌ অসম নাথ যোগী ছাত্র সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য সুজিত নাথ, গণেশ নাথ, ধেমাজি জিলা সমিতিৰ সভাপতি দীপক নাথ, জিলা সম্পাদক প্ৰসন্ন নাথ, উপ-সভাপতি  সুবেশ নাথ, চিলাপথাৰ আঞ্চলিক সমিতিৰ উপ-সভাপতি পৰিতোষ নাথ উপস্থিত থাকে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি অসম

Related Articles