মদাৰখাত, ১৮ নৱেম্বৰ : বহু প্ৰত্যাখিত ডিব্ৰুগড়-তিনিচুকীয়া সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ডিব্ৰুগড় বাইপাছৰ আজি শুভ উদ্বোধন কৰা হয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি পুৱা ১১ বজাত ডিব্ৰুগড় বগীবিলৰ পৰা বকুললৈ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমৰ দ্বাৰা ৯৬.৮৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা ১৫.৪৪৭ কিঃমিঃ দৈঘ্যৰ বাইপাছৰ লগতে বকুল জাপিসজীয়াস্হিত এখন সুন্দৰ উৰণীয়া সেতুৰ শুভ উদ্বোধন কৰে ৷ উৰণীয়া সেতুৰ সমীপৰ জাপিসজীয়াত অনুষ্ঠিত হোৱা শুভ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ডিব্ৰুগড় বাইপাছ আৰু উৰণীয়া সেতু উদ্বোধন কৰি কয় যে “ডিব্ৰুগড়- তিনিচুকীয়া সংযোগী এই বাইপাছ পথটোৰ পৰা ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত বহু সুবিধা হ’ব৷ ডিব্ৰুগড়ৰ সৌন্দৰ্যবৰ্ধনৰ লগতে যাতায়তৰ ক্ষেত্ৰত সুচল হোৱা এই বাইপাছে সমগ্ৰ অসমৰ লগতে অৰুণাচল প্ৰদেশৰ ৰাইজো বহু উপকৃত হ’ব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালতেই অসমত লোক নিৰ্মাণ বিভাগে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ১৫,০০০ কিঃমিঃ পথ নিৰ্মাণ হোৱাটো সৰ্বকালৰ এটা অভিলেষ বুলি কয় ৷ বিজেপি চৰকাৰৰ সদিচ্ছা, সততা, নিষ্ঠা আৰু ৰাইজৰ প্ৰতি থকা মুখ্যমন্ত্ৰী সোনোৱালে কংগ্ৰেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে কংগ্ৰেছ চৰকাৰে ১৫ বছৰীয়া শাসন কালত কেৱল ক্ষমতাৰ লালখত থাকি উন্নয়নৰ কোনো কামেই নকৰিলে ৷ কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া শাসন কালত যি হোৱা নাছিল সেয়া বিজেপি চৰকাৰৰ দিনত সকলো মন্ত্ৰী, বিভাগীয় বিষয়া, অভিযন্তা, ঠিকাদাৰ আৰু জনসাধাৰণৰ সহযোগিতাত সম্ভৱ হৈ উঠিছে বুলি ভাষণ প্ৰসংগত মত ব্যক্ত কৰি এই বাইপাছ নিৰ্মাণৰ লগত জড়িত এন.এইচ.আই.ডি.চি.এল ৰ লগতে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ অনুষ্ঠানৰ আৰম্ভণিত ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পংকজ সিঙে আদৰণি ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় চৰকাৰৰ খাদ্য আৰু প্ৰসাধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তেখেতৰ ভাষনত কয় যে অসমত ৮৫০ খন চাহ বাগিচা লাইনৰ পথ পকীকৰণৰ কাম পোন প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰৰ দিনতেই আৰম্ভ কৰা হৈছে বুলি ভাষণ প্ৰদান কৰে৷ লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই ভাষণ প্ৰদান কৰি যাতায়ত, যোগাযোগ আৰু পৰিবহণৰ ক্ষেত্ৰত এই বাইপাছে সকলোকে সহায় কৰা লগতে আজিৰ দিনটো এটা ঐতিহাসিক দিন হিচাপে পৰিগণিত হ’ব৷ উক্ত অনুষ্ঠানত অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ, ডিব্ৰুগড়, মৰাণ, টিংখাং আৰু নাহৰকটীয়াৰ বিধায়ক প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, বিমল বড়া আৰু নৰেন সোনোৱাল, ডিব্ৰুগড় জিলা ভাৰপ্ৰাপ্ত উপায়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী আৰু বি চি পি এল’ৰ পৰিচালন সঞ্চালক ৰিপ হাজৰিকা উপস্থিত থাকে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…