নামখলা, ২০ নৱেম্বৰ : দৰঙৰ কৃষক সকলৰ বাবে আশাৰ সঞ্চাৰ কৰিলে কৃষি বিভাগে ৷ বানপীড়িত কৃষকসকলে বানপানীৰ বাবে লোকচানৰ সন্মুখীন হোৱাৰ পিছত কৃষি বিভাগে গ্ৰহন কৰিছে মানৱহিতৈষী আঁচনি ৷ ছিপাঝাৰ সমষ্টিৰ পাথৰিঘাট মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত গাঁও সমুহৰ প্ৰকৃত কৃষক সকলৰ বাবে কৃষি বিভাগে যোগান ধৰে এই বিনামূলীয়া ৰবি শস্যৰ বীজঁ ৷ সেয়ে বৃহস্পতিবাৰে পাথৰিঘাট মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত একাংশ কৃষকৰ মাজত ২০২০/২১ বৰ্ষৰ বাবে বিতৰণ কৰে ৰবি শস্যৰ বীজঁ ৷ ৰবি শস্যৰ বীজঁ বিতৰণৰ শুভাৰম্ভ কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ মহকুমা কৃষি বিষয়া কুমুদ কলিতা , দৰং জিলা পৰিষদৰ সভাপতি ধীৰেণ ডেকা , বিভিন্ন গাওঁ পঞ্চায়তৰ প্ৰতিনিধিৰ উপস্থিতিত একাংশ কৃষকক সৰিয়হ, মটৰ , পিয়াজঁ , বিভিন্ন শাক-পাচলি , বাদাম আদিৰ বীজঁ বিতৰণ কৰি আঁচনিৰ শুভাৰম্ভ কৰে বিধায়ক গৰাকীয়ে ৷ কৃষকসকলে যাতে সময়মতে আৰু সঠিকভাবে , পোনপটীয়াকৈ এই বীঁজ লাভ কৰিব পাৰে তাৰ বাবে এই বীজঁ বিতৰণ মুকলি অনুষ্ঠানটিৰ আয়োজন কৰা বুলি বিধায়ক গৰাকীয়ে উল্লেখ কৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…