বৰপেটা, ২৬ নবেম্বৰ : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যখনৰ ভিতৰতে বৰপেটা জিলাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । যোৱা ১৮ নবেম্বৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । ৰাজ্যিক পৰ্যায়ত হোৱা পৰ্যালোচনাত এমজি এনৰেগা, ‘প্ৰধান মন্ত্ৰী আৱাস-গ্ৰামীণ’ আঁচনি আদি ৰূপায়ণত বৰপেটা জিলাই বৃহৎ সফলতা কঢ়িয়াই সুনাম অৰ্জন কৰে । চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিৰ ক্ষেত্ৰত ২০১৬-১৭, ২০১৭-১৮, ২০১৮-১৯ বৰ্ষৰ আচনিৰ পুঁজিৰ ১০০ শতাংশ ব্যয় কৰিবলৈ জিলা মুখ্য কাৰ্যবাহী বিষয়া আৰু খণ্ড উন্নয়ন বিষয়া সকলে তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে । জানিব পৰা মতে, জিলাখনত ২০১৬-১৭, ২০১৭-১৮ বিত্তীয় বৰ্ষত ‘প্ৰধান মন্ত্ৰী আৱাস-যোজনা’ আঁচনিৰ ১৪২৫৭টা গৃহৰ ভিতৰত ১৩৬৭৯টা (৯৬শতাংশ), ২০১৯-২০ বিত্তীয় বৰ্ষত ১১১৮১টা গৃহৰ ভিতৰত ৪৮৯৩ টা গৃহ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে । একেদৰে ১৯২০-২১ বিত্তীয় বৰ্ষৰ ৫২৭৭৬টা গৃহ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে ৷ একেদৰে জিলাখনৰ মন্দিয়া উন্নয়ন খণ্ডত ২০১৭-১৮ বিত্তীয় বৰ্ষত ২৭৮৮ টা গৃহৰ ভিতৰত ২৭৫৩টা (৯৯শতাংশ), ২০১৯-২০বৰ্ষত ৩৮৭৪টা গৃহৰ ভিতৰত ১৭৩৪টা গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ লগতে ২০২০-২১বৰ্ষত ৩৭৮১৬টা গৃহ নিৰ্মাণৰ কাম চলি আছে বুলি জানিব পৰা গৈছে ৷ মন্দিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে দুৰ্গম ঠাইবোৰতো আঁচনিবোৰ সঠিক ৰূপায়নত বিশেষ গুৰুত্ব প্ৰদান কৰি অহা কাৰ্যক সচেতন ৰাইজে শলাগ লৈছে ৷ উল্লেখ্য যে বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাবে যোগদানৰ এদিন পিছতে ইমনোজ কুমাৰ চিকাৰিয়াই বৰপেটা জিলাৰ এঘাৰটা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ উপৰি বিভিন্ন পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীক আহ্বান কৰি গ্ৰামোন্নয়নৰ কাম-কাজৰ পৰ্যালোচনা কৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…