Breaking

অৰুণাচলত নিৰুদ্দেশ লংকাৰ ২৪ বছৰীয়া এজন যুৱক…

0 36

অৰুণাচলত নিৰুদ্দেশ লংকাৰ ২৪ বছৰীয়া এজন যুৱক। লংকা থানাৰ অন্তৰ্গত ১ নং শ্বামবাৰি গাঁৱৰ আব্দুল কালামৰ ২৪ বছৰীয়া পুত্ৰ আমিৰ হামজা নিৰুদ্দেশ। জানিব পৰা মতে যোৱা ১৪ জুন তাৰিখে কৰ্মসূত্ৰে অৰুণাচলত গৈছিল ইয়াৰ পিছতে ২৬ জুন তাৰিখে কৰ্মস্থলীৰ পৰা সতীৰ্থ আব্বাছ আলীয়ে নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকক জনায়। এতিয়া পৰিয়ালৰ মাজত কান্দোনৰ ৰোল উঠিছে। ২৪ বছৰীয়া যুৱক জন নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ কাষ চাপিছে সংবাদমাধ্যমৰ।

পৰিয়ালৰ মানুহে বিভিন্ন ঠাই তথা অসম আৰক্ষীৰ লগতে অৰুণাচল আৰক্ষীক এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে আৰক্ষীৰ ফালৰপৰা কোনোধৰণৰ সহাঁৰি পোৱা নাই অসহায় মাতৃ তথা পৰিয়ালৰ লোকে । মাতৃ তথা পৰিয়ালৰ সন্দেহ সতীৰ্থ কেইজনৰ লগতে ঠিকাদাৰ ওপৰত। কোনোৱে যদি ক’ৰবাত আমিৰ হামজাক লগ পায় 9864690735 নম্বৰত পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ মাতৃয়ে অনুৰোধ জনায়। এতিয়া অসমৰ আৰক্ষীৰ লগতে অৰুণাচল আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব সম্পূৰ্ণ ঘটনা।

Leave A Reply