Breaking

গেৰামাৰী পঞ্চম খণ্ড গাঁৱৰ ২৯ বছৰীয়া মুখবধিৰ যুৱক নিৰুদ্দেশ

0 109

গৌৰীপুৰ

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰামাৰী পঞ্চম খণ্ড গাঁৱৰ মুখবধিৰ এজন যুৱক নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালটোত এক শোকৰ ছাঁ পেলাইছে৷ ঘটনাৰ বিৱৰণী মতে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ গাঁও পঞ্চায়তৰ এলেকাধীন গেৰামাৰী পঞ্চম খণ্ড গাঁৱৰ স্থায়ী বাসিন্দা আজাদ আলীৰ ২৯ বছৰীয়া মুখবধিৰ পুত্র আজি প্ৰায় পাঁচ মাহ ধৰি নিৰুদ্দেশ হৈ আছে৷ উল্লেখ্য যে একে থানা এলেকাত থকা বালাজান গাঁৱত উক্ত যুৱকজনে মাতৃৰ লগত আলহী খাই গেৰামাৰী পঞ্চম খণ্ড গাঁৱত থকা নিজ গৃহ লৈ উভতি অহাৰ পিছ দিনা অৰ্থাৎ আঘোণ মাহৰ শেষৰ দিন দেউবাৰৰ দিনা পুনৰ বালাজান গাঁও লৈ যাত্রা কৰে যদিও আজি লৈকে উক্ত যুৱকজনৰ কোনো সন্ধান লাভ কৰিব লৈ পৰিয়ালটোৱে সক্ষম হোৱা নাই। উক্ত যুৱকজনৰ কোনো লোকে সন্ধান লাভ কৰিলে ৯৩৬৫৭১৮৬৭৭ নম্বৰত ফোন যোগে যোগাযোগ কৰিবলৈ পৰিয়ালটোৱে আহ্বান জনাইছে৷ 

Leave A Reply