Breaking

শিৱসাগৰৰ কালুগাঁও উপস্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াই আত্মহত্যাৰ সন্দৰ্ভত এহাল দম্পতীক আটক

0 1,562

শিৱসাগৰৰ কালুগাঁও উপ স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াই আত্মহত্যা কৰা ঘটনা সন্দৰ্ভত বিগত নিশা এহাল দম্পতিক আটক কৰে শিৱসাগৰ আৰক্ষীয়ে । শেহতীয়াকৈ শিৱসাগৰ সদৰ আৰক্ষীয়ে আজি সংবাদ-মাধ্যমৰ আগত সদৰি কৰিছে এই কথা । বিগত ২৩ জুনৰ মাজ নিশা দিখৌ দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল শিখা শইকীয়া নামৰ মহিলা স্বাস্থ্য কৰ্মী গৰাকীয়ে । দিখৌত জপিওৱাৰ দুদিন পিছত উদ্ধাৰ হৈছিল শিখা শইকীয়াৰ মৃতদেহ । ঘটনাৰ ১২ দিনৰ পিছত বিগত নিশা আৰক্ষীয়ে শিৱসাগৰ সদৰ থানাত ৰুজু হৈ থকা ২৬১/২০২২ নম্বৰৰ গোচৰৰ ভিত্তিত নীৰিক্ষিত গগৈ আৰু ৰৌজি ৰাভা গগৈ নামৰ দম্পত্তীহালক তিনিচুকীয়াৰ এখন বাছৰ পৰা আটক কৰে । আটকাধীন ৰৌজি ৰাভা গগৈ আৰু নীৰিক্ষিত গগৈৰ ঘৰ শিৱসাগৰ লালীম গাঁৱত বুলি জানিব পৰা গৈছে।


লক্ষ্যণীয় যে ৰৌজী ৰাভা গগৈয়ে ৰাজহুৱাকৈ অপদস্থ কৰাৰ বাবেই আত্মহননৰ পথ বাচি লোৱা বুলি চুইচাইড নোটত লিখি থৈ গৈছিল শিখা শইকীয়াই । বিগত ২৪ জুনত শিখা শইকীয়াৰ মাতৃয়ে শিৱসাগৰ সদৰ থানাত ৰুজু কৰিছিল গোচৰ । ইয়াৰ পিছৰে পৰা পলাতক আছিল অভিযুক্ত দম্পত্তীহাল । অৱশেষত বিগত নিশা তিনিচুকীয়াৰ এখন বাছৰ পৰাই আৰক্ষীয়ে আটক কৰে নীৰিক্ষীত গগৈ আৰু ৰৌজী ৰাভা গগৈক । আত্মহত্যাৰ পূৰ্বে বিগত ১৮ জুনত শিখা শইকীয়াই ৰৌজি ৰাভা গগৈৰ বিৰুদ্ধে আমগুৰি থানাত গোচৰ তৰিছিল।

ৰৌজি ৰাভা গগৈয়ে কালুগাঁও স্বাস্থ্য কেন্দ্ৰলৈ গৈ কৰ্মৰত অৱস্থাতেই ৰাজহুৱাকৈ অপদস্থ কৰা বুলি অভিযোগ উত্থাপন কৰি তৰিছিল গোচৰ। শিখা শইকীয়া আৰু নীৰিক্ষীত গগৈৰ মাজত অবৈধ প্ৰেম চলি থকা বুলি সন্দেহ কৰিয়েই ৰৌজি ৰাভা গগৈয়ে অপদস্থ কৰিছিল শিখা শইকীয়াক । ইয়াৰ পৰিণতিতে বিগত ২৩ জুনৰ নিশা আত্মহত্যা কৰে শিখা শইকীয়াই ।

Leave A Reply