Breaking

থলুৱা হাঁহ-কুকুৰা বিক্ৰী কৰি জীৱন আগুৱাই নিয়া এগৰাকী বীৰাংগনা

0 247

ডিৰাক সীমান্ত

জীৱন যুঁজত হাৰ নমনা এগৰাকী সাহসী যোদ্ধা। জীৱনৰ কোনো কঠোৰ পৰিস্থিতিতে ভাগি পৰা নাই তাই। সময়ৰ কণ্টকময় পথত সাহসেৰে আগুৱাই গৈছে তিনিচুকীয়া জিলাৰ বৃহত্তৰ ডিৰাক অঞ্চলৰ বৰমেচাই গাঁৱৰ নৱনিতা নেওগ বৰুৱা নামৰ মহিলাগৰাকীয়ে। পুৱাই স্কুতিখন লৈ ঘৰৰ পৰা ওলাই আহে নৱনিতা। লক্ষ্য থলুৱা হাঁহ  কুকুৰাৰ ক্ৰয় কৰা। ৯ বছৰ ধৰি এইদৰেই থলুৱা হাঁহ, কুকুৰা বৃহত্তৰ অঞ্চলটোৰ গাঁওসমূহৰ লগতে গ্ৰাম্য বজাৰৰ পৰা ক্ৰয় কৰি তিনিচুকীয়া, ডুমডুমা, ৰূপাই, কাকপথাৰত বিক্ৰী কৰি পৰিয়ালক পোহপাল দি আহিছে নৱনিতাই। নৱনিতাৰ পৰিয়ালত আছে দুটি পুত্ৰ সন্তান আৰু স্বামী। জীৱনৰ বাটত বহু সমস্যাৰো সন্মুখীন হৈছে মহিলাগৰাকীয়ে। তথাপি হতাশ হোৱা নাই কোনোদিনে। কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই নৱনিতা নেওগ বৰুৱাক। এনেদৰে উপাৰ্জনৰ পথ বাচি লোৱা অৰ্থাৎ স্বাৱলম্বী হোৱা নৱনিতা হওক আজিৰ কৰ্ম সংস্থাপনহীনতা সময়ত আন বহুজনৰ বাবে আদৰ্শ। উল্লেখযোগ্য যে প্ৰথম অৱস্থাত নৱনিতাই বাইচাইকেলেৰে ব্যৱসায় চলাই বিক্ৰী কৰি লাভ কৰা টকাৰে এখন স্কুতি কিনি চলাই আছে ব্যৱসায়৷

Leave A Reply