Breaking

গোলাঘাটত কোৱাৰেণ্টাইন কক্ষৰ পৰা পলাল ব্যক্তি

0 71

গোলাঘাট

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মঙলবাৰে নিশা ঘটিল এক অঘটন। যোৱা ১ মে’ত বোকাখাত চিকিৎসালয়ৰ পৰা ক’ভিড-১৯ সন্দেহত মুকুল মিত্ৰ নামৰ এজন লোকক প্ৰেৰণ কৰিছিল গোলাঘাটৰ চিকিৎসালয়লৈ। কোৱাৰেণ্টাইন কক্ষত যাৱতীয় পৰীক্ষা চলি থকা লোকজন মঙলবাৰে নিশা চিকিৎসালয়খনৰ পৰা পলায়ন কৰে। জানিব পৰা মতে, পশ্চিম বংগৰ এই  লোকজনৰ যোৱা ৩ মে’ত হোৱা প্ৰথমটো ক’ৰ’ণা পৰীক্ষাত নিগেটিভ ফলাফল আহিছিল যদিও আৰু  পৰীক্ষা বাকী আছিল। তেনে সময়তে লোকজন চিকিৎসালয় কৰ্তৃপক্ষৰ  চকুৰ আৰ হৈ এনেকৈ পলায়ন কৰা কাৰ্যত সমগ্ৰ চিকিৎসালয়খনত এতিয়া এক হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে।

Leave A Reply