Breaking

৫.৯ ৰিখটাৰৰ এক প্ৰবল ভূমিকম্পই নিশা ধ্বংসস্তূপত পৰিণত কৰিলে উত্তৰ-পশ্চিম ইৰান…

0 49

এক ভয়াৱহ ভূমিকম্পই শনিবাৰে নিশা ধ্বংসস্তূপত পৰিণত কৰিলে উত্তৰ-পশ্চিম ইৰান। ৫.৯ ৰিখটাৰৰ এক প্ৰবল ভূমিকম্পই তুৰস্কৰ সীমান্তৰ সমীপৰ অঞ্চলটো কঁপাই তোলাৰ পিছত প্ৰায় তিনিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৮০০ ৰো অধিক লোক আহত হয়।

ভূমিকম্পৰ ফলত অঞ্চলটোৰ অট্টালিকাসমূহ মুহূৰ্তৰ ভিতৰে ধ্বংসাৱশেষত পৰিণত হয়। এনে ভয়ংকৰ পৰিস্থিতিত আতংকিত স্থানীয় বাসিন্দাসকলে ঘৰৰ পৰা পলায়ন কৰি নিৰাপদ আশ্ৰয়স্থল বিচাৰি ওলাই যোৱাৰ সময়ত আহত হয় শতাধিক লোক।

তেহৰাণ বিশ্ববিদ্যালয়ৰ ভূমিকম্পবিজ্ঞান কেন্দ্ৰই দেওবাৰে সদৰী কৰা মতে, শনিবাৰে নিশা ৯:৪৪ বজাত পশ্চিম আজাৰবাইজান প্ৰদেশৰ প্ৰায় ২ লাখ জনসংখ্যাৰ খোয় চহৰত এই প্ৰবল ভূমিকম্পৰ সৃষ্টি হয়। পশ্চিম আজাৰবাইজানৰ গৱৰ্ণৰ মহম্মদ ছাদেগ মোটামেডিয়ানৰ ভাষ্য অনুসৰি এই ভূমিকম্পৰ ফলত ৮১৬ গৰাকী আহত আৰু তিনিগৰাকী লোকৰ মৃত্যু হৈছে।

Leave A Reply