Breaking

বানপীড়িত কৃষকৰ বাবে আশাৰ সঞ্চাৰ : দৰঙৰ নামখলাত ৰবি শস্যৰ বীজ বিতৰণৰ মুকলি অনুষ্ঠান

0 1,137

নামখলা, ২০ নৱেম্বৰ : দৰঙৰ কৃষক সকলৰ বাবে আশাৰ সঞ্চাৰ কৰিলে কৃষি বিভাগে ৷ বানপীড়িত কৃষকসকলে বানপানীৰ বাবে লোকচানৰ সন্মুখীন হোৱাৰ পিছত কৃষি বিভাগে গ্ৰহন কৰিছে মানৱহিতৈষী আঁচনি ৷ ছিপাঝাৰ সমষ্টিৰ পাথৰিঘাট মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত গাঁও সমুহৰ প্ৰকৃত কৃষক সকলৰ বাবে কৃষি বিভাগে যোগান ধৰে এই বিনামূলীয়া ৰবি শস্যৰ বীজঁ ৷ সেয়ে বৃহস্পতিবাৰে  পাথৰিঘাট মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত একাংশ কৃষকৰ মাজত ২০২০/২১ বৰ্ষৰ বাবে বিতৰণ কৰে ৰবি শস্যৰ বীজঁ ৷ ৰবি শস্যৰ বীজঁ  বিতৰণৰ শুভাৰম্ভ কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক  বিনন্দ কুমাৰ শইকীয়াই ৷ মহকুমা কৃষি বিষয়া কুমুদ কলিতা , দৰং জিলা পৰিষদৰ সভাপতি ধীৰেণ ডেকা , বিভিন্ন গাওঁ পঞ্চায়তৰ প্ৰতিনিধিৰ উপস্থিতিত একাংশ কৃষকক সৰিয়হ, মটৰ , পিয়াজঁ , বিভিন্ন শাক-পাচলি , বাদাম আদিৰ বীজঁ বিতৰণ কৰি আঁচনিৰ শুভাৰম্ভ কৰে বিধায়ক গৰাকীয়ে ৷ কৃষকসকলে যাতে সময়মতে আৰু সঠিকভাবে ,  পোনপটীয়াকৈ এই বীঁজ লাভ কৰিব পাৰে তাৰ বাবে এই বীজঁ বিতৰণ মুকলি অনুষ্ঠানটিৰ আয়োজন কৰা বুলি বিধায়ক গৰাকীয়ে উল্লেখ কৰে ৷

Leave A Reply