Breaking

ভেটাপাৰা চাৰিআলিত নতুনকৈ মুকলি হ’ল অত্যাধুনিক ডায়েগ্নষ্টিক চেন্টাৰ…

0 92

মহানগৰবাসীৰ বাবে সু-খবৰ, ভেটাপাৰা চাৰিআলিত নতুনকৈ মুকলি হ’ল অত্যাধুনিক ডায়েগ্নষ্টিক চেন্টাৰ

_ ডায়েগ্নষ্টি চেন্টাৰ মুকলি কৰি মন্ত্ৰী পীযুষ হাজৰিকাই ক’লে, ‘দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগীৰ বাবে ৰখা আঁচনিৰ ব‍‍াবে জনসমাদৃত হ’ব এই লেবখনি

গুৱাহাটী, ৯ অক্টোবৰঃ আজি গুৱাহাটী মহানগৰীত উন্নত আৰু অত্যাধুনিক সেৱাৰ এক ব্যক্তিগত খণ্ডৰ ডায়েগ্নষ্টিক প্ৰতিষ্ঠান শুভ উদ্বোধন কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই দিনৰ প্ৰায় ১০ বজাত এই প্ৰতিষ্ঠানখনি মুকলি কৰি কয় যে, ‘ডায়গ্নষ্টিক চেন্টাৰটোৱে ৰাইজৰ বাবে শুভ বাৰ্তা কঢ়িয়াই আনিছে। বিশষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগীৰ বাবে ৰখা ২০% ৰেহাইৰ আঁচনিৰ ব‍‍াবে জনসমাদৃত হ’ব।’

মহানগৰীৰ ভেটাপাৰা চাৰিআলিত নতুনকৈ মুকলি কৰা ‘বি.এছ ডায়েগ্নষ্টিক চেন্টাৰ কাম ক্লিনিক’খনে দিনটোৰ সকলো সময়তে স্বাস্থ্যসেৱা আগবঢ়াব। লগতে এই কেন্দ্ৰটোত 3ডি আলট্ৰা চাউণ্ড , ডিজিটেল এক্সৰে, ই চি জি, এন্ডস্কোপী, কেমো থেৰাপি, তেজ, শৌচ, প্ৰসাৱৰ লগতে সকলো ধৰণৰ স্বাস্থ্য পৰীক্ষাৰ সু ব্যৱস্থা আৰু দন্ত চিকিৎসা বিভাগৰ বিশেষজ্ঞ চিকিৎসক উপলব্ধ হ’ব বুলি জানিবলৈ দিয়ে।

ৰোগাক্ৰান্তৰ দীৰ্ঘদিনীয়া অভাৱ সমস্যাৰ দূৰীকৰনেৰে গুণগত আৰু উৎকৃষ্ট মানৱ সেৱা আগবঢ়াবলৈ মুকলি কৰা এই ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানটোৱে শুভ উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰক্তদান শিবিৰৰ আয়োজন কৰে। প্ৰতিষ্ঠানখনৰ জৰিয়তে অঞ্চলটোত দীৰ্ঘদিনীয়া জৰুৰী সমস্যা আৰু দূৰ হ’ব বুলি স্বাস্থ্য সচেতন ৰাইজে মন্তব্য কৰে। কেন্দ্ৰটোত স্বাস্থ্য সেৱা ল’বৰ বাবে ৬০০১৫১২৮৮৯, ৯২৮৭৯৫৮১৯৫ নম্বৰত আগতীয়াকৈ যোগাযোগ কৰিব পাৰে বুলি বি.এছ ডায়েগ্নষ্টিক চেন্টাৰ কাম ক্লিনিকৰ কৰ্তৃপক্ষই জনায়।

Leave A Reply