Breaking

ধ্বংসাত্মক অট্টালিকাৰ তলৰ পৰা উদ্ধাৰ এটি নৱজাতক। কথমপি প্ৰাণ ৰক্ষা শিশুটিৰ…

0 66

ছিৰিয়াৰ এখন চহৰৰ ভাঙি পৰা অট্টালিকাৰ ধ্বংসাৱশেষৰ তলত উদ্ধাৰ এটি কেঁচুৱা। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত এজন লোকে কেঁচুৱাটোক উদ্ধাৰ কৰা দেখা গৈছে।ভূমিকম্পৰ ফলত হোৱা ধ্বংসলীলা আৰু গণ মৃত্যুৰ কাহিনীয়ে সমগ্ৰ বিশ্বতে মানুহক স্তম্ভিত কৰি তুলিছে। ইয়াৰ মাজতে আহিছে জীয়াই থকাৰ এক অবিশ্বাস্য কাহিনী। উত্তৰ-পশ্চিম ছিৰিয়াৰ এটা অট্টালিকাৰ ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ পিছতো মাৰাত্মক ভূমিকম্পৰ পৰা ৰক্ষা পৰে এটা নৱজাত শিশু। নৱজাতকৰ আত্মীয়ৰ মতে, ভূমিকম্পৰ পিছতে এগৰাকী মাতৃয়ে এটি সন্তান জন্ম দিয়ে।


তুৰস্কৰ ৰাষ্ট্ৰপতি টাইব এৰদোগানে তুৰস্কত এতিয়ালৈকে ৩৭০০ৰো অধিক লোকৰ মৃত্যু হোৱা দুটা ভূমিকম্পৰ ফলত বিধ্বস্ত হোৱা ১০খন প্ৰদেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। এৰদোগানে ক্ষতিগ্ৰস্ত তুৰ্কীৰ ১০খন প্ৰদেশক দুৰ্যোগৰ অঞ্চল হিচাপে ঘোষণা কৰি তাত তিনিমাহৰ বাবে জৰুৰীকালীন অৱস্থা জাৰি কৰে।

চুবুৰীয়া দেশ ছিৰিয়াতো এই ভূমিকম্পৰ সৃষ্টি হৈছিল, য’ত কমেও ১৭১২ জন লোকৰ মৃত্যু হৈছিল। ছিৰিয়াৰ কৰ্তৃপক্ষৰ মতে, ভূমিকম্পৰ কেন্দ্ৰৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত হামালৈকে মৃত্যুৰ খবৰ পোৱা গৈছে।উত্তৰ ছিৰিয়াৰ চহৰসমূহতো হাজাৰ হাজাৰ লোক আহত হৈছে।

Leave A Reply