Breaking

বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ RURAL WELFARE SOCIETY নামৰ এটা NGO ৰ

0 1,565

চাপৰৰ পাৰ্শ্বৱৰ্তী এলেকাত বান সাহায্য বিতৰণ।বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ RURAL WELFARE SOCIETY নামৰ এটা NGO ৰ।এহেজাৰ পৰিয়ালৰ মাজত বিতৰণ কৰিলে চাউল,ডাইল,বুট,আটা।বন্যৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি হাঁহি বিৰিঙিলে NGO টোৰ সভানেত্ৰী ছামিনা সৰকাৰে।IMRC, SAHAYATA TRUST ৰ সহোযোগত RURAL WELFARE SOCIETY এই কাৰ্যসূচী।

ৰাজ্যত শেহতীয়াকৈ বান পৰিস্থিতি সামান্য হৈছে যদিও বানৰ পিছত খাদ্যৰ অভাৱ দেখিবলৈ পোৱা গৈছে ৰাইজৰ মাজত। বান পৰিস্থিতি সামান্য হোৱাৰ পিছত এতিয়া নিজৰ ঘৰখন ঠিক কৰিবলৈ প্ৰয়োজন হৈছে সময়ৰ। তেনে সময়ত নিজৰ ঘৰখন পৰিস্কাৰ কৰাৰ বাবে যাব লাগিব দিন হাজিৰা কৰিবলৈ। যাৰ বাবে স্বাভাৱিকতে অভাৱত পৰিছে এই সকল ৰাইজ। ইয়াৰ উপৰি গৰাখহনীয়াই ঘৰখন উঠুয়াই লৈ যোৱাৰ পিছত আজিও আশ্ৰয়স্থল হিচাপে বাচি লবলৈ বাধ্য হৈছে বিভিন্ন চৰকাৰী/বেচৰকাৰী অনুষ্ঠান। এই সকল ৰাইজৰ কাষত থিয় দি মানৱতাৰ পৰিচয় দাঙি ধৰিলে RURAL WELFARE SOCIETY নামৰ NGO টো। NGO টোৰ সভানেত্ৰী ছাবিনা সৰকাৰে সদূৰ গুৱাহাটীৰ পৰা আহি ধুবুৰী-বঙাইগাৱ জিলাৰ সীমান্তৱৰ্তী খেলুৱাপাৰা,ঝাউকুৰ আদি বিস্তৃৰ্ণ অঞ্চলত যোগান ধৰিছে খাদ্য সামগ্ৰী।


মানুহে মানুহৰ বাবে কথাষাৰক সাৰথি কৰি সভানেত্ৰী ছাবিনা সৰকাৰে এই সকলৰ ৰাইজৰ কাষত থিয় দিবলৈ সকলোকে আহ্বান জনায়।উল্লেখযোগ্য যে বিগত চৈধ্য বছৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন দূৰ্যোগৰ সময়ত ৰাইজৰ কাষত থিয় দি আহিছে RURAL WELFARE SOCIETY নামৰ NGO টোৱে। NGO টোৰ এনে মহানুভৱতাৰ শলাগ লয় সচেতন ৰাইজে।

Leave A Reply