Breaking

নগৰবেৰাৰ জামলাইত পথ দুৰ্ঘটনাত আৰক্ষী জোৱান নিহত

0 131

বকো

 কামৰূপ জিলা বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত  জামলাইত বৃহস্পতিবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী আৰক্ষী কনিষ্টবল নিহত হোৱা ঘটনাই বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে এএছ-২৫ এ চি ৬৬৭০ নম্বৰৰ এখন মালবাহী মহিন্দ্ৰ মেস্কিম গাড়ীয়ে নগৰবেৰা বজাৰত ৰাজমোহন পাঠক নামৰ হোমগাৰ্ড এজন খুন্দিয়াই  আহত কৰে৷ ইয়াৰ পিছত দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন জব্দ কৰিবলৈ নগৰবেৰা আৰক্ষী থানাৰ কৰ্তব্যৰত কনিষ্টবল মনছেৰ আলী (৪৫) য়ে বাইকেৰে পিছে পিছে খেদি গৈ থকা অৱস্থাত জামলাইৰ পকী দলঙৰ ওচৰত মহিন্দ্ৰ মেস্কিম গাড়ীখনে বাইক এখনক খুন্দিয়াই পলায়ন কৰে। ফলত গুৰুতৰভাৱে আহত আৰক্ষী জোৱান মনছেৰ আলীৰ লগতে পৱিত্ৰ কলিতা নামৰ আন এজন যুৱকো আহত হয়। আহত মনছেৰ আলীক সংকটজনক অৱস্থাত ততাতৈয়াকৈ নগৰবেৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও  ইতিমধ্য আৰক্ষী কনিষ্টবলজনৰ মৃত্যু হয়। নগৰবেৰা আৰক্ষীয়ে ইতিমধ্য কনিষ্টবলজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বাবে জি এমচি এইছলৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন জব্দ কৰিছে। 

Leave A Reply