Breaking

টেম্প’ চলাই পৰিয়াল পোহপাল দিব লগীয়া হৈছে অৱসৰপ্ৰাপ্ত শিক্ষকে

0 46

যি সময়ত ৰাজ্যৰ কৰ্মচাৰী সকলে নতুন পেঞ্চন নীতি চমুকৈ এন পি এচৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।সেই সময়তে অৱসৰপ্ৰাপ্ত এজন শিক্ষকৰ কৰুণ কাহিনী পোহৰলৈ আহিছে। নগাঁও জিলাৰ জাজৰিৰ এগৰাকী শিক্ষকৰ কৰুণ কাহিনী এইয়া। অৱসৰ গ্ৰহণৰ পিচত এন পি এচৰ ধনেৰে পৰিয়াল পোহপাল দিব নোৱাৰি টেম্প’ চলাবলৈ বাধ্য হৈছে শিক্ষকজন।

ছৈয়দ আলী নামৰ এই অৱসৰপ্ৰাপ্ত শিক্ষকজনে ২০২১চনৰ ৩০ জুনত জাজৰিৰ গুলেস্তান মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। সেই অনুযায়ী তেওঁ নতুন পেঞ্চন আঁচনি অৰ্থাৎ এন পি এচৰ অধীনত অৱসৰ গ্ৰহণ কৰিছিল।

শিক্ষকজনে এন পি এচৰ অধীনত পেঞ্চন লাভ কৰে মাত্ৰ ১৩৫৯টকা। এই নামমাত্ৰ পেঞ্চনৰ ধনৰে পৰিয়াল পোহপাল দিবলৈ অসমৰ্থ শিক্ষকজন। আনকি মাহেকীয়া তেল-চাউল কিনিবলৈকো নুজোৰে এই ধন। স্বাভাৱিকতে সেয়ে ছৈয়দ আলীয়ে চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিচত টেম্প’ চলাবলৈ বাধ্য হৈছে এইগৰাকী শিক্ষকে।

উল্লেখযোগ্য যে ১৯৯৪ চনত শিক্ষকতাৰ চাকৰিত যোগদান কৰাৰ পিচৰ এই সুদীৰ্ঘ সময় ছাত্র-ছাত্রীক মানুহ কৰাৰ চেষ্টাত ব্ৰতী তথা জ্ঞানৰ পোহৰ বিলোৱা ৬২ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক ছৈয়দ আলীৰ ছৈয়দ আলীয়ে অৱসৰৰ পিচত টেম্প’ চলাবলগীয়া হোৱা কাৰ্য বাস্তৱিকতে দুখদায়ক। শিক্ষকজনে অৱসৰ গ্ৰহণৰ সময়ত পোৱা শেষ সম্বল ১লাখ ২০ হাজাৰ টকা পুত্ৰৰ পঢ়াৰ খৰচ তথা পৰিয়াল চলোৱাত ব্যৱহাৰ কৰে।

পৰৱৰ্তী সময়ত সেয়ে নিজৰ মেধাৱী পুত্ৰক পঢ়ুওৱাৰ লগতে পৰিয়াল চলোৱাৰ বাবে বৃদ্ধ বয়সত ৰ’দে-বৰষুণে,জাৰে-জহে নিজৰ টেম্প’ খন লৈ ঘৰৰ পৰা ওলাই আহে ছৈয়দ আলী। যাত্ৰীৰ অপেক্ষাতৰৈ থাকে।দিনটো যদি যাত্ৰী পাই তেন্তে পৰিয়াল পোহপাল দিয়াৰ ধন লাভ কৰে। অৱসৰপ্ৰাপ্ত শিক্ষক ছৈয়দ আলীয়ে চৰকাৰৰ নতুন পেঞ্চন আঁচনিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। এইয়া যেন এক উদাহৰণহে। ছৈয়দ আলীৰ দৰে বহু শিক্ষকে এন পি এচৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে!

Leave A Reply