Breaking

নখত থকা এটা সাধাৰণ চিহ্নই ভয়ংকৰ বিপদ মাতিলে এগৰাকী মহিলাৰ জীৱনলৈ

0 2,039

ব্ৰিটেইনৰ এগৰাকী মহিলাৰ জীৱনত সংঘটিত হৈছে এই ঘটনা। নখত দেখা পোৱা এই সামান্য যেন লগা চিহ্নক প্ৰথমে অৱজ্ঞা কৰিছিল এলেনা চেবেৰ্স নামৰ মহিলাগৰাকীয়ে। পাছলৈ কেন্সাৰ সন্দৰ্ভত এটি স্বাস্থ্যসম্বন্ধীয় প্ৰৱন্ধৰ জৰিয়তে জ্ঞাত হয় মহিলাগৰাকী। লগে লগে চিকিৎসকৰ কাষ চাপে এলেনা চেবেৰ্স। মহিলাগৰাকীৰ নখত চিকিৎসকে চিনাক্ত কৰে দুৰ্লভ কেন্সাৰৰ প্ৰজাতি। এলেনা চেবেৰ্স মেলানোমা নামৰ এক চৰ্মকেন্সাৰত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে। পাছত চিকিৎসকৰ উপযুক্ত পৰামৰ্শ জৰিয়তে সুস্থ হয় মহিলাগৰাকী। সম্প্ৰতি কেন্সাৰমুক্ত এলেনা চেবেৰ্স। দেখাত সাধাৰণ যেন লগা এনেধৰণৰ চিহ্নই ভয়ংকৰ বিপদ মাতিব পাৰে ব্যক্তিৰ জীৱনলৈ। অৱজ্ঞা নকৰি প্ৰথম অৱস্থাতেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

Leave A Reply