Breaking

অসম সাহিত্য সভাৰ উদ্যোগত ধুবুৰীৰ হাতীধুৰা মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ…

0 102

অসম সাহিত্য সভাৰ উদ্যোগত ধুবুৰীৰ হাতীধুৰা মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ

অসম সাহিত্য সভাৰ পশ্চিম অসমৰ ভাষা-সাহিত্য-সংস্কৃতি গৱেষণা কেন্দ্ৰ আৰু হাতীধুৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু সংস্কৃত বিভাগৰ উদ্যোগত,গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয় আৰু স্বাধীনতা সংগ্ৰামী যতীন্দ্ৰ নাৰায়ণ দাস গ্ৰাম্য পুথিভঁৰালৰ সহযোগত ২৩আৰু২৪ছেপ্তেম্বৰ ইং তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে “পশ্চিম অসমৰ সাহিত্য:অধ্যয়ন আৰু সমালোচনা”শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ অনুষ্ঠিত কৰা হয়।

প্ৰথম দিনটোৰ কাৰ্যসূচীত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে পাগলাহাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰী ৰমেশ ৰায়ে, স্মৃতি তৰ্পণ কৰে হাতীধুৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ফৰিদ উদ্দিন আহমেদে আৰু বৃক্ষৰোপণ কৰে শ্ৰী কোকন চন্দ্ৰ ৰায়ে। ৰাতিপুৱা ১১ বজাত ধুবুৰী জিলা সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰী মন্তেশ্বৰ ৰায়ৰ সঞ্চালনাত অনুষ্ঠিত ৰামধেনু অনুষ্ঠানটো উদ্বোধন কৰে ড০ ফৰিদ উদ্দিন আহমেদে। অসম সাহিত্য সভাৰ কবিতা অনুষ্ঠানৰ সহযোগী আহ্বায়ক শ্ৰী অজয় বৰুৱাই এই অনুষ্ঠানৰ সহ সঞ্চালক হিচাপে সহযোগিতা কৰে। এই অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীবৃন্দৰ লগতে অঞ্চলটোৰ নৱ প্ৰজন্মৰ মাজত সাহিত্য-সংস্কৃতিৰ চেতনা জাগৰিত কৰাৰ উদ্দেশ্যে পশ্চিম অসমৰ সাহিত্য বিষয়ক বিশেষ বক্তৃতা, ছাত্ৰ -ছাত্ৰীবৃন্দৰ স্বৰচিত সাহিত্য পাঠ আৰু নৃত্য-গীত আদি অনুষ্ঠিত কৰা হয়।

দ্বিতীয় দিনৰ কাৰ্যসূচীত ৰাতিপুৱা দহ বজাৰ পৰা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা আলোচনা সত্ৰখনৰ সভাপতি ড.ফৰিদ উদ্দিন আহমেদৰ সঞ্চালনাত আলোচনা সত্ৰখনৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড.ৰামাধৰ সিঙে। অসম সাহিত্য সভাৰ সভা আৰম্ভণি গীত “চিৰ চেনেহী মোৰ ভাষা জননী”পৰিবেশন কৰে মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীবৃন্দই । উদ্বোধনী ভাষণ প্ৰদান কৰে ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰত্নপীঠ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ, শিক্ষাবিদ , সাহিত্যিক তৰণী কান্ত ৰায়ে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰখনৰ সংক্ষিপ্ত সাৰ সংকলনখন উন্মোচন কৰে ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তথা সাহিত্যিক গীতালী বৰুৱাই। আলোচনা সত্ৰখনৰ বীজ ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক তথা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড.উপেন্দ্ৰজিৎ শৰ্মাই। বক্তব্য প্ৰদান কৰি ড.শৰ্মাই কয় যে সাম্প্ৰতিক সময়ত অসম সাহিত্য সভাই সভাখনক বিদ্যায়তনিক দিশেৰে আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছে। সেয়েহে শাখা সভা, জিলা সভাৰ কাৰ্যক্ৰমসমূহ বিদ্যালয় মহাবিদ্যালয় কেন্দ্ৰিক কৰি পালন কৰাৰ বাবে আহ্বান জনাই আহিছে।আমি আমাৰ নৱপ্ৰজন্মক আমাৰ ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিবই লাগিব। সেয়েহে আমাৰ ভাষা, সাহিত্য, সংস্কৃতিৰ নতুন চিন্তা, চৰ্চাক উজ্জীৱিত কৰাৰ মানসেৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ আয়োজনৰ পদক্ষেপ অসম সাহিত্য সভাই গ্ৰহণ কৰিছে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে পশ্চিমবংগৰ আলিপুৰদুৱাৰ কামাখ্যাগুৰিৰ ক্ষুদিৰাম মহাবিদ্যালয়ৰ অধ্যক্ষ স্মৃতি কান্ত বৰ্মনে। তেখেতে ভাষণ প্ৰসংগত অসম সাহিত্য সভাৰ এনেধৰণৰ বিদ্যায়তনিক কাৰ্য সূচীৰ শলাগ লয় আৰু ভৱিষ্যতে অসম সাহিত্য সভাৰ কামত সহযোগ কৰাৰ কথা ঘোষণা কৰে। উদ্বোধনী অনুষ্ঠানত গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক নিতাই চন্দ্ৰ ৰায়,গোসাঁইগাঁও মহাবিদ্যালয়ৰ অধ্যাপক প্ৰদীপ কুমাৰ দাস,ড.ডিম্বেশ্বৰ দাস, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ , ধুবুৰী জিলা সাহিত্য সভাৰ উপ সভাপতি সাহিত্যিক পেঞ্চনাৰ আনোৱাৰ হুছেইন, জিলাৰ সম্পাদক বিনয় কুমাৰ নাথ,হাতীধুৰা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য ছামছুছ জামান সৰদাৰ, ছেৰফাংগুৰি জনতা মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড.লীনা শৰ্মা, ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড .অলকা শৰ্মা, প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড.ধীৰেন চন্দ্ৰ বৰ্মন , চিলাৰায় মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক অলকেশ ৰায়,হাতীধুৰা মহাবিদ্যালয়ৰ অধ্যাপক -অধ্যাপিকাবৃন্দকে প্ৰমুখ্যে কৰি ডেৰ শতাধিক গৱেষক, গৱেষিকা আৰু ছাত্ৰ -ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। পশ্চিম অসমৰ ভাষা সাহিত্য সংস্কৃতি গৱেষণা কেন্দ্ৰৰ গৱেষণা বিষয়া তথা চিলাৰায় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড.উমেশ দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোৰ শলাগ জ্ঞাপন কৰে হাতীধুৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক জয়ন্ত কুমাৰ ৰায়ে ।
গৱেষণা পত্ৰ পাঠ অনুষ্ঠানটোত তিনিটা ক্ৰমত অনুষ্ঠিত আলোচনা সত্ৰখনত স্মৃতি কান্ত বৰ্মন,ড.অলকা শৰ্মা,ড.লীনা শৰ্মা, নিতাই চন্দ্ৰ ৰায়,ড০ ধীৰেন চন্দ্ৰ বৰ্মন, প্ৰদীপ কুমাৰ দাস,ড.ডিম্বেশ্বৰ দাসে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত ৩৩খন গৱেষণা পত্ৰ পাঠ কৰা হয়।

গৱেষণা পত্ৰ পাঠ অনুষ্ঠানটোত গোৱালপৰীয়া নাথ-যোগীসকলৰ লোক-অনুষ্ঠান সোণাই, শিৱানন্দ শৰ্মা বিৰচিত মহামায়া পাঁচালী আৰু মহামায়া মাহাত্ম্য -এক বিশ্লেষণাত্মক অধ্যয়ন, পশ্চিম অসমৰ লোকগীত:এক অধ্যয়ন,শীলভদ্ৰৰ গল্পত পশ্চিম অসমৰ সমাজ জীৱনৰ চিত্ৰ, গোৱালপৰীয়া প্ৰবাদ -পটন্তৰ, ৰাজবংশী সমাজত প্ৰচলিত তন্ত্ৰ -মন্ত্ৰ, গোৱালপৰীয়া লোকজীৱনত নাৰী চৰিত্ৰ আদি বিভিন্ন বিষয়ত গৱেষণা পত্ৰসমূহ পাঠ হয়। আবেলি চাৰি বজাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰখনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ফৰিদ উদ্দিন আহমেদৰ সঞ্চালনাত অনুষ্ঠিত সামৰণি অনুষ্ঠানত গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ৰ অৱসৰী মুৰব্বী অধ্যাপক তথা কোচ-ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড.দ্বিজেন্দ্ৰ নাথ ভকত, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড.উপেন্দ্ৰজিৎ শৰ্মা প্ৰমুখ্যে বিশিষ্ট অতিথিবৃন্দই অংশ গ্ৰহণ কৰে। গৱেষণা বিষয়া ড.উমেশ দাসে আঁত ধৰা অনুষ্ঠানটোত প্ৰমাণ পত্ৰ বিতৰণ কৰে হাতীধুৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা নিভাৰাণী দাস আৰু সংস্কৃত বিভাগৰ সহকাৰী অধ্যাপিকা ড.অনামিকা দাসে। প্ৰতিবেদন প্ৰস্তুত কৰে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক আজাদ আলী আহমেদে।

Leave A Reply