Breaking

অ’ এন জি চি , অসম সম্পদৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে লঘূ যান – বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ…

0 42

অ’ এন জি চি , অসম সম্পদৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে লঘূ যান – বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ
মহাৰত্ন তৈল – গেছ উদ্যোগীক প্ৰতিষ্ঠান তেল আৰু প্ৰাকৃতিক গেছ নিগম ( অ’ এন জি চি )অসম সম্পদৰ একাংশ অনা অসমীয়া বিষয়াৰ থলুৱা বিৰোধী নীতি তথা শোষণ – প্ৰৱঞ্চনাৰ বিৰুদ্ধে বিভিন্ন সময়ত বহু দল – সংগঠন আৰু ৰাইজৰ প্ৰতিবাদৰ স্বত্তেও কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম মন্ত্ৰালয় , অসম চৰকাৰ আৰু নিগম কৰ্তৃপক্ষই কোনো গুৰুত্বাৰোপ কৰা পৰিলক্ষিত হোৱা নাই ।

শেষতীয়াকৈ অ’ এন জি চি অসম সম্পদৰ অধীনত লঘু যান – বাহনৰ এক নিবিদা আহ্বান কৰে । শ শ ক্ষুদ্ৰ ঠিকাদাৰে হাজাৰ হাজাৰ টকা ব্যয় কৰি এই নিবিদাত অংশগ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত থলুৱাক পেটে ভাতে মাৰি বহিৰাগত অনাঅসমীয়া পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থৰ ৰক্ষাৰ কাৰণে আৰু অনাঅসমীয়া একাংশ শীৰ্ষ বিষয়াৰ গোপন কমিচনৰ অংকৰ বাবেই থলুৱাক বঞ্চিত কৰি নিবিদা বাতিল কৰে । অ’ এন জি চিৰ এনে থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে সম্প্ৰতি সৰ্বত্ৰে প্ৰতিবাদ অব্যাহত আছে । আজি অ’ এন জি চি , অসম সম্পদৰ মূখ্য কাৰ্যালয়ৰ সন্মূখত লঘূ যান বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাই অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ।

অ’ এন জি চিৰ লঘূ যান বাহন নিবিদা প্ৰক্ৰিয়াত এজন ভেন্দৰক এখনকৈ লঘু বাহন প্ৰদান কৰা, প্ৰস্তাৱিত লটাৰী প্ৰক্ৰিয়া বন্ধ কৰা, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ নিৱনুৱা সকল অগ্ৰাধিকাৰ প্ৰদান কৰি সংস্থাপনৰ ব্যৱস্থা কৰা, এই তিনি দফীয়া দাবী উত্থাপন কৰি ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে লঘূ যান বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাই। পিছত অ’ এন জি চি, অসম সম্পদৰ কাৰ্যবাহী সঞ্চালকক লঘু যান – বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাই যৌথ ভাৱে এখনি স্মাৰক পত্ৰ প্ৰদান কৰে । অহা ২৭ ছেপ্টেম্বৰৰ ভিতৰত দাবী সমূহ অ’ এন জি চি কতৃপক্ষই বিবেচনা নকৰিলে ২৮ ছেপ্তেম্বৰত লঘূ যান বাহনৰ ক্ষেত্ৰত অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতিৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে এই দুই সন্থাই।

Leave A Reply