Breaking

ছয়গাঁৱত জীৱন মৃত্যুৰে যুঁজিছে এগৰাকী দুৰ্ভগীয়া মেধাবী ছাত্ৰীয়ে : ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ কটাইছে যন্ত্ৰণাময় জীৱন

0 1,532

নিঃসহায় পিতৃ মাতৃৰ সহায়ৰ বাবে কাতৰ আহ্বান

এগৰাকী মেধাবী ছাত্ৰীৰ কৰুণ বিননী।জীৱন মৃত্যুৰে যুঁজিছে এই গৰাকী মেধাবী ছাত্ৰীয়ে।মাৰাত্মক ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ কটাইছে যন্ত্ৰণাময় জীৱন।শয্যাসংগী হৈ পৰিছে একমাত্ৰ বিচনাখন।মুখৰ মাতষাৰো হেৰুওৱাৰ উপক্ৰম হৈছে এই গৰাকী দুৰ্ভগীয়া ছাত্ৰীয়ে।দুহাত বাউলী ইংগীত দিছে মোক চছোৱা, মোক ৰক্ষা কৰা।নিঃসহায় হৈ পৰিছে পিতৃ মাতৃ।সন্তানৰ চিকিৎসা কৰে কেনেকৈ।সৰ্বস্বান্ত পিতৃ মাতৃয়ে সহায়ৰ বাবে সকলোলৈ জনাইছে কাতৰ আহ্বান, যেন তেওঁলোকৰ সন্তানে মৃতপ্ৰায় জীৱন পুনৰ ঘূৰাই পায়।এনেধৰণৰ এটি মৰ্মান্তিক কাহিনী পোহৰলৈ আহিছে কামৰূপ জিলাৰ ৪৯নংছয়গাঁও বিধানসভা সমষ্টিৰ জনজাতীয় অধ্যুষিত এলেকা  উকিয়ামৰ ২নংভেৰভেৰীগাঁৱত। সেই গাঁৱৰে আনন্দ ৰাম ৰাভা আৰু জোনালী ৰাভাৰ জীৱৰী মলিনা ৰাভা আক্ৰান্ত হৈছে মাৰাত্মক ব্ৰেইন টিউমাৰ ৰোগত।অৰ্থৰ অভাৱত সু চিকিৎসা কৰিব পৰা নাই মলিনাক।মুদুকি আঞ্চলিক জনজীতীয় হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী মলিনা আজি প্ৰায় সাত মাহ পূৰ্বে এই ৰোগত আক্ৰান্ত হৈ ক্ৰমান্বয়ে মুখৰ মাতষাৰো হেৰাই যাবলৈ ধৰিছে। জানিব পৰা মতে এই ৰোগটি হেনো কেন্সাৰ ৰোগলৈ পৰ্যবসিত হৈছে।পিতৃ আনন্দৰাম ৰাভাই দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো পোহপাল দি আহিছে।এনে অৱস্হাৰেও জীয়ৰীৰ জীৱন ৰক্ষা কৰিবলৈ ডাক্তৰৰ দুৱাৰে দুৱাৰে ঘুৰি ইতিমধ্যে খৰছ কৰিছে প্ৰায় এক লাখ টকা।ঘৰৰ সকলো সম্পদ বিক্ৰী কৰি সৰ্বস্বান্ত হৈ পৰা পৰিয়ালটোৰ এতিয়া পানীত হাঁহ নচৰা অৱস্হা।উন্নত চিকিৎসাৰ বাবে নাই এটাও ফুটাকঢ়ি।চকুৰ সন্মুখতে জীৱন মৃত্যুৰে যুঁজি থকা জীয়ৰীক লৈ বিপাঙত পৰি উপায়ন্তৰ হৈ এতিয়া পিতৃ মাতৃ আজি ছয়গাঁও ৰিহাবাৰী স্হিত ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্হাৰ কৰ্যালয়লৈ গৈ জীয়ৰীৰ জীৱন ভিক্ষা মাগে। এই সম্পৰ্কত ৰাভা ছাত্ৰ সন্হাৰ সভাপতি জীতেন ৰাভা আৰু সম্পাদক অৰবিন্দ ৰাভাই তেওঁলোকৰ স্বাক্ষৰ সম্বলিত দুকপি পত্ৰ ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা আৰু ৪৯নং ছয়গাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদলৈ বিশেষ সাহাৰ্য আৰু উন্নত চিকিৎসাৰ্থে প্ৰেৰণ কৰে।আনহাতে আজি ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্হাৰ তৰফৰ পৰা মলিনাক গুৱাহাটীস্হিত এখন চিকিৎসালয়ত ভৰ্তি কৰাব বুলি জানিব পৰা গৈছে। সকলোৰে আশা এটাই মলিনা সুস্হ হৈ ঘূৰি আহক আৰু এই পৃথিৱীত নিজৰ কৰ্তব্য সম্পাদন কৰি যাওঁক।

Leave A Reply