Breaking

পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত তিনিচুকীয়া আছুৰ বিক্ষোভ কাৰ্যসূচী ।

0 872

তিনিচুকীয়া : পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদকল্পে আজি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে। তিনিচুকীয়াৰ বৰগুৰিৰ কৰ্ট তিনিআলিত ছাত্ৰ সংগঠনটোৰ নেতা কৰ্মীয়ে হাতে হাতে প্ৰতিবাদী বেনাৰ পোষ্টাৰ লৈ “বিজেপি চৰকাৰ গ’বেক”, পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান মুৰ্দাবাদ”, যোগান মন্ত্ৰী মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে। লকডাউনে আৰ্থিকভাৱে জুৰুলা কৰা সৰ্বসাধাৰণ জনতাৰ ওপৰত পুনৰ মূল্যবৃদ্ধি কৰি চৰকাৰে গ্ৰহণ কৰা জনবিৰোধী কাৰ্য কোনো কাৰণতে মানি লোৱা নহয় বুলি সংগঠনটোৰ নেতৃত্বই জনায়। লগতে এনে সামগ্ৰীৰ মূল্য শীৰ্ঘেই হ্ৰাস কৰাৰ দাবী জনায়। অন্যথা চৰকাৰৰ এনে জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে আগন্তুক সময়ত প্ৰৱল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিনয় ডুবে, জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজা বলিমাৰ আৰু সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই।

Leave A Reply